নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত নহয় নাকত ল’ব লাগিব ক’ৰোনাৰ ভেকচিন…

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ বাবে সমগ্র বিশ্বৰ বিভিন্ন গৱেষণা প্রতিষ্ঠান, বিশ্ববিদ্যালয় আদিয়ে নিৰৱচ্ছিন্ন গৱেষণা অব্যাহত ৰাখিছে । ইতিমধ্যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এই সম্পর্কীয় গৱেষণাই লাভ কৰিছে অভূতপূর্ব সফলতা৷ মানৱ দেহত চলোৱা এই ভেকচিনৰ সফল সম্পৰীক্ষণে মহামাৰীপীড়িত বিশ্বলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বার্তা৷

ভাৰততো ২ টা ভেকচিনৰ ওপৰত ট্ৰায়েল চলাই থকা হৈছে । এই পৰীক্ষা শহা পহু আৰু বান্দৰৰ দেহত সফলতাৰে হোৱাৰ পাছত মানৱ দেহতো ক’ৰোনা ভেকচিনৰ সফল পৰীক্ষণ সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ।

২০২০ ৰ শেষ অথবা ২০২১ ৰ প্ৰথমতেই এই ভেকচিন বিশ্ববাসীয়ে লাভ কৰিব পাৰে । কিন্তু আন আন ভেকচিনৰ দৰে ক’ৰোনাৰ ভেকচিন হাত অথবা শৰীৰৰ আন অংশত নহয় ল’বলগীয়া হ’ব পাৰে নাকত ।

কিন্তু কিছু সংখ্যক বিশেষজ্ঞৰ মতে, ক’ৰোনা ভাইৰাছৰ ভেকচিন নাকত লগোৱা হ’ব । বিশেষজ্ঞৰ কোৱা অনুসৰি, বেছিসংখ্যক ৰোগানু নাকেৰে ম্যুকোছাৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে । ইয়াৰ পৰা তৎক্ষণাত মুক্ত হোৱাৰ বাবে নাকৰ জৰিয়তে যদি ভেকচিন ভিতৰলৈ যায় তেন্তে এই ভাইৰাছক আক্ৰমণ কৰিব আৰু তাক নিশেষ কৰিব বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ।

(উৎস- Dailyhunt)

You might also like