নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাই তচনচ কৰিলে দেশৰ গ্রাম্য অর্থনীতি, জুলাইত গ্রামাঞ্চলৰ ৫১ শতাংশ আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ভাৰতীয় অর্থনীতিতচনচ কৰি ক’ৰোনা ভাইৰাছ এতিয়া গাঁওমুৱা হৈছে৷ ইমান দিন চহৰাঞ্চলক কোঙা কৰা এই ভাইৰাছে যোৱা জুলাই মাহৰ পৰাই দেশৰ গ্রামাঞ্চলত বিয়পিবলৈ আৰম্ভ কৰিছে৷ এইমুহূর্তত দেশৰ ৫০ শতাংশৰো বেছি ক’ভিড–১৯ আক্রান্ত ব্যক্তি হৈছে গ্রামাঞ্চলৰ৷ আৰু ইয়াৰ প্রভাৱ দেশৰ গ্রামীণ অর্থনীতিত ইতিমধ্যে পৰিবলৈ আৰম্ভ কৰিছে৷ পৰিস্থিতি যি দিশে গতি কৰিছে, ভাৰতৰ ২০২০–২১ চনৰ বিকাশৰ হাৰ –১০ শতাংশতকৈও নিম্নগামী হোৱাৰ আশংকা দেখা দিছে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ (এছ বি আই) অর্থনৈতিক গৱেষণা বিভাগৰ শেহতীয়া প্রতিবেদনত এই ভয়ংকৰ তথ্য উন্মোচিত হৈছে৷

এছ বি আয়ে দেশজুৰি চলোৱা গৱেষণাত দেখা গৈছে চলি বছৰৰ এপ্রিল মাহত দেশৰ গ্রামাঞ্চলত ক’ৰোনা আক্রান্ত লোক আছিল ২৩ শতাংশ৷ মে’ আৰু জুন মাহত আছিল ক্রমে ২৭ আৰু ২৪ শতাংশ৷ পিছে জুলাই মাহত দেশৰ গ্রামাঞ্চলত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা ৫১ শতাংশলৈ বৃদ্ধি পালে৷ আনহাতে, চলিত আগষ্ট মাহৰ ১৩ তাৰিখলৈকে প্রাপ্ত পৰিসংখ্যা অনুসৰি দেশৰ মুঠ ক’ভিড–১৯ আক্রান্ত লোকাৰ ৫৪ শতাংশই হৈছে গ্রামাঞ্চলৰ৷ আৰু এই প্রৱণতা প্রতিনিয়ত বৃদ্ধি পাই আছে৷ এছ বি আইৰ গৱেষণাত দেখা গৈছে দেশৰ মুঠ ১৩খন গ্রামীণ জিলাত শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ প্রকোপ ব্যাপকভাৱে বৃদ্ধি পাইছে৷ আৰু এই ১৩খন জিলাৰ ভিতৰত আছে অসমৰ কাছাৰ জিলা৷ কাছাৰৰ বাহিৰে আশংকাজনকভাৱে ক’ভিড–১৯ৰ প্রকোপ বৃদ্ধি পোৱা আন ১২খন জিলা হৈছে মহাৰাষ্ট্রৰ জলগাঁও, আহমেদনগৰ, ছাতাৰা আৰু কোলাপুৰ, কর্ণাটকৰ বাল্লাৰি, উদুপি আৰু দাভানাগেৰে, অন্ধ্রপ্রদেশৰ পূব গোদাবৰী, শ্রীকাকুলাম আৰু বিজয়নগৰম, ওড়িশাৰ গঞ্জাম আৰু উত্তৰ প্রদেশৰ গোৰখপুৰ৷ শুনিলে আচৰিত হ’ব এই মুহূর্তত ক’ৰোনা আক্রান্ত লোক নথকা দেশৰ এখনো জিলা নাই৷ এছ বি আইৰ গৱেষণাত দেখা গৈছে দেশত ১০জনতকৈ কম আক্রান্ত জিলাৰ সংখ্যাও দ্রুত গতিত হ্রাস পাইছে৷

প্রতিবেদন অনুসৰি এপ্রিল মাহত সমগ্র দেশত দহজনতকৈ কম আক্রান্ত জিলাৰ সংখ্যা আছিল ৪১৫৷ মে’ মাহত আছিল ৯৬৷ জুন মাহত আছিল ৫৫ আৰু জুলাই মাহত আছিল ১৭৷ আগষ্ট মাহৰ ১৩ তাৰিখলৈকে ১০জনতকৈ কম আক্রান্ত জিলাৰ সংখ্যা হ্রাস পাই হৈছে ১৪খন৷ মূলতঃ এই মুহূর্তত অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র আৰু কর্ণাটকৰ গ্রামাঞ্চলত সম্পূর্ণৰূপে বিয়পি পৰিছে ক’ৰোনা ভাইৰাছ৷ উল্লেখ্য যে যোৱা ১৬ আগষ্টত উন্মোচিত এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষৰ তত্ত্বাৱধানত প্রস্তুত কৰা প্রতিবেদনত দেশৰ অর্থনীতিৰ এক ভয়াৱহ দিশো উন্মোচিত হৈছে৷ এতিয়ালৈকে ইতিবাচক দিশে গতি কৰিছে দেশৰ তথ্যমতে কৃষিখণ্ডৰ বিকাশ৷ পিছে গ্রামাঞ্চলত যিদৰে ক’ৰোনা ভাইৰাছে ছানি ধৰিছে, তাৰ পৰা কৃষিখণ্ডৰ বিকাশো অনাগত দিনত অধোমুখী হোৱাটো নিশ্চিত৷ আনহাতে, ক’ৰোনা কালৰ নিষেধাজ্ঞাৰ বাবে উৎপাদন আৰু সেৱাখণ্ডৰ বিকাশ ইতিমধ্যে তীব্র গতিত নিম্নগামী হৈছে৷ ২০২০–২১ বিত্তীয় বর্ষৰ চাৰিটা ত্রৈমাসিকত বিকাশ ঋণাত্মক হোৱাটো নিশ্চিত৷ এছ বি আইৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২০–২১ চনৰ সর্বাত্মক বিকাশৰ হাৰ –১০ শতাংশতকৈও হ্রাস পাব৷ অসমকে ধৰি দেশৰ সকলো ৰাজ্যৰ ৰাজ্যিক ঘৰুৱা উৎপাদৰ হাৰ হ্রাস পাব যদিও মহাৰাষ্ট্র, দিল্লী, গোৱা, পঞ্জাব, অন্ধ্রপ্রদেশ, তেলেংগানা চৰম দুর্দশাৰ বলি হ’ব৷

উল্লেখ্য যে গ্রামীণ অর্থনীতিৰ ওপৰত সম্পূর্ণৰূপে নির্ভৰশীল ভাৰতৰ অর্থনীতি৷ অনুকূল মৌচুমীৰ বাবে দেশৰ কৃষিখণ্ডত এইবাৰ ব্যাপক সম্ভাৱনা আছিল৷ পিছে দেশৰ গ্রামাঞ্চলত ক’ৰোনাৰ গ্রাফ যিদৰে ঊর্ধ্বগামী হৈ পৰিছে, তাৰ ফলত কৃষিখণ্ডত ইয়াৰ বিৰূপ প্রভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷ আশংকা কৰা মতে, চলিত বছৰৰ শেষলৈকে দেশৰ গ্রামাঞ্চলত ৯০ শতাংশৰো বেছি লোক ক’ভিড–১৯ত আক্রান্ত হ’ব৷ পিছে ইয়াৰ ভিতৰত কিমানসংখ্যক লোক সুস্থ হৈ উঠে সেয়া হৈ পৰিব যথেষ্ট লক্ষণীয় বিষয়৷ কাৰণ এছ বি আইৰ গৱেষণাত দেশৰ গ্রামাঞ্চলত চিকিৎসাখণ্ডৰ এক পুতৌজনক দৃশ্য প্রতিফলিত হৈছে৷

You might also like