নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজী পোছাকত দৰা-কইনা, হিটলাৰক আৰাধনা…

বিশেষ বাৰ্তা, ৭ মেঃ বিবাহৰ দিনটোত বহু দম্পতিয়ে নিজৰ মনৰ পছন্দৰ সাজ পিন্ধিব বিচাৰে। সেয়ে আজিকালি বাছি লয় ‘থীম’ বিয়া। কিন্তু সেই বুলিয়েই কোনোবাই নাজী আদব কায়দাৰে বিয়া! মেক্সিকোৰ এক দম্পতিৰ কাণ্ড দেখি চকু কঁপালত উঠিছে বহুতৰে। মেক্সিকোৰ ট্লাছকালা প্রদেশৰ ফাৰ্ণাণ্ডো আৰু জোছেফিনা নামৰ দুই তৰুণ-তৰুণীয়ে বিবাহ বন্ধনত কেনেদৰে আবদ্ধ হৈছে জানি আচৰিত হ’ব। দৰা ফাৰ্ণাণ্ডোৱে পিন্ধিছিল নাজী সামৰিক পোছাক। শুধ বগা পোছাকেৰে জোছেফিনা বহি আছিল নাজীসকলৰ স্বস্তিক চিহ্ন অঁকা চল্লিশৰ দশকৰ এখন জার্মান গাড়ীত। কেৱল দৰা-কইনাই নহয়,বিয়াৰ অতিথিসসকলেও সাজিছিল নাজীসকলৰ দৰে। কিন্তু কিয় এনেকুৱা হ’ল?

ফাৰ্ণাণ্ডোৰ মতে, তেওঁ শৈশৱৰে পৰা হিটলাৰৰ ভক্ত। হিটলাৰ নিৰামিষহাৰী আছিল আৰু তেওঁ দেশক চূড়ান্ত দাৰিদ্রৰ পৰা উদ্ধাৰ কৰিছিল। মানুহে হিটলাৰৰ আচল কাহিনী নাজানে। আনহাতে, জোছেফিনাই কৈছে- তেওঁ অত ইতিহাস নাজানে। কিন্তু তেওঁৰ স্বামী খুবেই দায়িত্বশীল মানুহ,সেয়ে পত্নী হিচাপে তেওঁক সমর্থন কৰিছে। উল্লেখণীয় যে, হিটলাৰক অনুসৰণ কৰি বিয়াৰ মেনুও আছিল নিৰামিষ। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মেক্সিকোৰ একাধিক ইহুদী সংগঠনে ইয়াৰ প্রতিবাদো জনাইছে।

You might also like