মাক-ভনীয়েকসহ আদালতত হাজিৰৰ নিৰ্দেশ শিল্পাক
আর্থিক প্রতাৰণাৰ অভিযোগত আকৌ শিৰোনামত বলীউড অভিনেত্রী শিল্পা ছেট্টী। মা সুনন্দা ছেট্টী, ভনী ছমিতা ছেট্টীসহ শিল্পাৰ বিৰুদ্ধে উঠিল সময়মতে ঋণ পৰিশোধ নকৰাৰ অভিযোগ। এজন গাড়ী ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত তেওঁলোক তিনিওজনক হাজিৰৰ নির্দেশ দিলে মুম্বাইৰ অন্ধেৰীৰ আদালত।
পাৰহাদ ফিৰোজ আমৰা নামৰ এজন গাড়ী ব্যৱসায়ীয়ে মুম্বাইৰ জুহু থানাত অভিনেত্রী শিল্পা, ভনী ছমিতা আৰু মাক সুনন্দা ছেট্টীৰ নামত আর্থিক প্রতাৰণাৰ অভিযোগ দাখিল কৰিছে। অভিযোগ মতে, ২০১৫ চনত শিল্পাৰ দেউতাক সুৰেন্দ্র ছেট্টীয়ে তেওঁৰ বাণিজ্যিক প্রতিষ্ঠানৰ বাবে ২১ লাখ টকাৰ ঋণ লৈছিল। সেই সময়ত তেওঁ প্রতিশ্রুতি দিছিল, ২০১৭ চনৰ ভিতৰত এই ঋণ পৰিশোধ কৰিব। বর্তমানে শিল্পাৰ পিতৃ জীয়াই নাথাকিলেও সেই প্রতিষ্ঠানৰ অংশীদাৰ শিল্পাসহ তেওঁৰ মাক আৰু ভনীয়েক। কিন্তু তেওঁলোকে বর্তমানে সেই টকা ওভোতাই দিবলৈ অস্বীকাৰ কৰিছে। পাৰহাদ আমৰাৰ অভিযোগৰ ভিত্তিতেই ২৮ ফেব্রুৱাৰীত শিল্পা সহ তিনিওজনক হাজিৰৰ নির্দেশ দিছে অন্ধেৰীৰ আদালত।