নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টত মুকলি হ’ব পাৰে COVAXIN, ৭ জুলাইৰ পৰা মানৱ পৰীক্ষণ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ক’ৰোনা সংক্ৰমণৰ মাজতে এটা ভাল খবৰ। অহা ১৫ আগষ্টত দেশীয় ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব পাৰে। এই ভেকচিন ফাৰ্মাচিউটিকেল কোম্পানী ভাৰত বায়টেকে নিৰ্মাণ কৰিছে। ভাৰত বায়টেক আৰু আই চি এম আৰ তৰফৰ পৰা ভেকচিন মুকলি কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে COVAXIN মানৱ শৰীৰত পৰীক্ষণৰ বাবে মঞ্জুৰি লাভ কৰিছে। আই চি এম আৰৰ মতে অহা ৭ জুলাইৰ পৰা মানৱ শৰীৰত পৰীক্ষণৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। ইয়াৰ পিছত যদি সকলো পৰীক্ষণ শুদ্ধ হয় তেতিয়া অহা ১৫ আগষ্টত এই ভেকচিন মুকলি কৰাৰ সম্ভাৱনা আছে। সকলো ঠিকেই থাকিলে সৰ্ব প্ৰথমে ভাৰত বায়টেকৰ ভেকচিন বজাৰত উপলব্ধ হ’ব।

You might also like