ক’ভিড–১৯ত প্রদান কৰিব পৰা যায় বিচিজি ভেকচিন
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ শিশুসকলক যক্ষ্মাৰ পৰা ৰক্ষা কৰিবলৈ প্রদান কৰা বিচিজি ভেকচিন ক’ভিড–১৯ত আক্রান্ত লোককো প্রদান কৰিব পৰা যায়৷ শেহতীয়াকৈ নতুন এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ বিচিজি ভেকচিন প্রদান কৰিলে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব পাৰে জনসাধাৰণ৷ উত্তৰ প্রদেশৰ নয়দাৰ ক’ভিড–১৯ হাস্পতালত অধীক্ষক ডাঃ ৰেণু আগৰৱালাই এই কথা উল্লেখ কৰিছে৷ বিশেষজ্ঞ চিকিৎসকগৰাকীৰ মতে বিচিজি ভেকচিনে শৰীৰত ৰোগ প্রতিৰোধৰ ক্ষমতা দ্রুতগতিত বৃদ্ধি কৰে৷ ইতিমধ্যে এই অধ্যয়নৰ সবিশেষ তথ্য প্রকাশ পাইছে ভাৰতীয় জার্নাল এপ্লাইড ৰিছার্চত৷ অধ্যয়নৰ প্রথম পর্যায়ত ৩০গৰাকী স্বাস্থ্যকর্মীয়ে বিচিজি ভেকচিন গ্রহণ কৰিছিল এপ্রিল মাহত৷ কিন্তু এই ৩০গৰাকী স্বাস্থ্য কর্মীৰ এগৰাকীও ক’ভিডত আক্রান্ত হোৱা নাই৷ অর্থাৎ বিচিজি ভেকচিন প্রদান কৰাৰ পিছত এই স্বাস্থ্যকর্মীসকলৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পাইছে৷ গতিকে ক’ভিড–১৯ৰ ভেকচিন হিচাপে বিচিজি প্রদান কৰিলে কিছু হ’লেও উপকৃত হ’ব পৰা যায় বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে৷