নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ক লৈ ট্রাম্প বিফল, সফল মোদী

বিহাৰত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রক ৰক্ষা কৰিব নোৱাৰিলে ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে৷ কিন্তু মহামাৰী ভাইৰাছটোৰ পৰা দেশক ৰক্ষা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ৷ বিহাৰ বিধানসভা নির্বাচনত অন্তিম পর্যায়ৰ ভোটৰ নির্বাচনী প্রচাৰৰ সামৰণিৰ দিনা দ্বাৰভাংগাত এখন নির্বাচনী সমাৱেশত অংশ লৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই মহামাৰী ক’ভিড–১৯ক লৈ প্রধানমন্ত্রী মোদীৰ পদক্ষেপক ভূয়সী প্রশংসা কৰে৷ তেওঁ ভাষণত কয় যে আমেৰিকা যুক্তৰাষ্ট্রত ক’ভিড–১৯ প্রতিৰোধত ৰাষ্ট্রপতি ট্রাম্প বিফল৷ কিন্তু ভাৰতত এই মহামাৰী প্রতিৰোধত সফল মোদী৷ মার্কিন যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছক লৈ আমেৰিকাবাসীয়ে ৰাষ্ট্রপতি ট্রাম্পক গৰিহণা জনাইছে৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতত মহামাৰী ভাইৰাছৰ বিৰুদ্ধে গ্রহণ কৰা পদক্ষেপৰ বাবে মোদীক দেশবাসীয়ে প্রশংসা কৰিছে৷ মহামাৰী আৰম্ভৰ সময়তে প্রধানমন্ত্রী মোদীয়ে উচিত সিদ্ধান্ত গ্রহণ কৰি দেশজুৰি লকডাউন বলৱৎ কৰিলে৷ যাৰ ফলত ১৩০ কোটি নাগৰিকৰ জীৱন ৰক্ষা পৰিছে৷ ক’ৰোনা আৰম্ভ হোৱাৰ সময়ত দেশত মাত্র এটা পৰীক্ষণ লেবৰেটৰী আছিল৷ কিন্তু এতিয়া দেশত প্রতিদিনে ১৫ লাখ ক’ভিড–১৯ পৰীক্ষণ কৰিব পৰা লেবৰেটৰী স্থাপন কৰা হৈছে৷ ভেণ্টিলেটৰ, পি পি কীট আৰু ফেচ মাক্স উৎপাদন কৰিব পৰা কাৰখানা স্থাপন কৰা হৈছে৷ এনে উৎপাদিত সামগ্রী বিদেশলৈও ৰপ্তানী কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনাৰ সংকট কালত দেশৰ এই উদ্যোগ গুৰুত্বপূর্ণ বুলিও কয় সভাপতিগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে ভাৰতত ক’ৰোনা ভাইৰাছত আক্রান্ত আৰু মৃতকৰ প্রকৃত সংখ্যা গোপনে ৰখা বুলি মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কৰা অভিযোগ খণ্ডন কৰে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷

You might also like