ক’ভিড–১৯ নির্দেশনা ৩১ ডিচেম্বৰলৈ সম্প্রসাৰণ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ দক্ষিণ আফ্রিকাত চিনাক্ত হোৱা ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনক লৈ শংকিত বিশ্ববাসী৷ বিশ্বৰ ১১তকৈ অধিক দেশলৈ দ্রুতগতিত সম্প্রসাৰিত ক’ভিডৰ নতুন প্রকৰণ অমিক্রনক লৈ ভাৰতো অধিক সজাগ–সচেতন হৈছে৷ ইতিমধ্যে দক্ষিণ আফ্রিকাকে ধৰি কেইবাখনো দেশৰ পৰা ভাৰতলৈ অহা আন্তর্জাতিক যাত্রীৰ ক্ষেত্রত কঠোৰ নির্দেশনা জাৰি কৰা কেন্দ্রীয় চৰকাৰে আজি ক’ভিড–১৯ প্রতিৰোধী ব্যৱস্থা ৩১ ডিচেম্বৰলৈ সম্প্রসাৰণ কৰিছে৷ অমিক্রনৰ শংকাৰ প্রতি লক্ষ্য ৰাখি আজি সামৰণি পৰিবলগীয়া ক’ভিড–১৯ প্রতিৰোধী ব্যৱস্থা কেন্দ্রীয় গৃহ মন্ত্রালয়ে দেশজুৰি ৩১ ডিচেম্বৰলৈকে সম্প্রসাৰণ কৰা বুলি নির্দেশনা জাৰি কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা নির্দেশনাত ৩১ ডিচেম্বৰলৈ ক’ভিড প্রতিৰোধী ব্যৱস্থা বলৱৎ থাকিব৷
কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ যোৱা ২৫ নৱেম্বৰত জাৰি কৰা পৰামর্শমূলক জাননী কঠোৰভাৱে পালন কৰাৰ বাবে নির্দেশ দিয়াৰ লগতে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা আন্তর্জাতিক যাত্রীক স্ক্রীনিং আৰু পৰীক্ষণ কঠোৰভাৱে মানি চলিবলৈ নির্দেশ দিয়ে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নির্দেশনা অনুযায়ী ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক আন্তর্জাতিক যাত্রীৰ ক্ষেত্রত নির্দেশনা মানি চলিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ সৈতে আলোচনাত মিলিত হৈ ক’ভিড পৰীক্ষণ সঠিকভাৱে কৰিবলৈ নির্দেশ দিছে৷ ইপিনে, বিশ্বজুৰি অমিক্রনে শংকাৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াই ক’ভিডৰ নতুন প্রকৰণ অমিক্রনক প্রতিৰোধ কৰাৰ বাবে স্পুটনিক ভেকচিন বিকশিত কৰি আছে৷