নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্ব গ্রহণ এডমিৰেল আৰ হৰি কুমাৰৰ

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫সংখ্যক মুৰব্বী হিচাপে আজি দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে আজি অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫সংখ্যক চীফ অৱ দ্য নেভেল ষ্টাফ (চিএনএছ) হিচাপে এডমিৰেল আৰ হৰি কুমাৰক দায়িত্ব অর্পণ কৰা হয়৷ ৪১ বছৰ ধৰি সেৱা আগবঢ়োৱা নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙক স্থলাভিষিক্ত কৰি দেশৰ নৌসেনাৰ নতুন মুৰব্বী ৰূপে দায়িত্ব গ্রহণ কৰা এডমিৰেল কুমাৰে ৱেষ্টার্ন নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কার্যনির্বাহ কৰি আছিল৷ ১৯৬২ চনৰ ১২ এপ্রিলত জন্মগ্রহণ কৰা এডমিৰেল কুমাৰ ভাৰতীয় নৌসেনাৰ কার্যবাহী শাখাত ১৯৮৩ চনৰ ১ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল৷ প্রায় ৩৯ বছৰ ধৰি নৌসেনা বাহিনীৰ বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট এডমিৰেল কুমাৰে আইএনএছ নিশাংক, ক্ষেপণাস্ত্র সন্নিৱিষ্ট আইএনএছ কোৰা আৰু মিছাইল বিধ্বংসী আইএনএছ ৰণবীৰৰ দায়িত্বও চম্ভালিছিল৷ ৱেষ্টার্ন ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে সেৱা আগবঢ়োৱা এডমিৰেল কুমাৰে নৌসেনাৰ বিমান পৰিবাহী আইএনএছ বীৰাটৰো কমাণ্ডাৰ আছিল৷ আমেৰিকা যুক্তৰাষ্ট্রত নেভেল ৱাৰ কলেজত পাঠ্যক্রম সমাপ্ত কৰাৰ লগতে গ্রেট ব্রিটেইনৰ ৰয়েল কলেজ অৱ ষ্টাডিজতো অধ্যয়ন কৰিছিল এডমিৰেল কুমাৰে৷ নৌসেনাত সেৱা আগবঢ়োৱাৰ বাবে এডমিৰেল কুমাৰক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত কৰা হৈছে৷ আজি ছাউথ ব্লক লনত গার্ড অৱ অনাৰ গ্রহণ কৰাৰ পাছত নতুন মুৰব্বী এডমিৰেল কুমাৰে কয়– চীফ অৱ নেভেল ষ্টাফ হিচাপে দায়িত্ব গ্রহণ কৰাটো মহৎ সন্মান৷ ভাৰতীয় নৌবাহিনীয়ে আমাৰ ৰাষ্ট্রীয় সাগৰীয় সুৰক্ষা আৰু প্রত্যাহ্বানৰ ওপৰত প্রাধান্য দি আহিছে৷

You might also like