নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱাট ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতে হোম আইছ’লেচনত আছে মুখ্যমন্ত্রীগৰাকী৷ আজি পুৱাৰ ভাগতে ৰাৱাট ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত কৰা হৈছে৷
ছ’চিয়েল মিডিয়া টুইটাৰযোগে ৰাৱাটে ঘোষণা কৰিছে যে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত তেওঁ হোম আইছ’লেচনত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ উপৰি শেহতীয়াকৈ যিসকল লোকৰ সংস্পর্শলৈ তেওঁ আহিছিল, তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্রীগৰাকীয়ে৷