দেশজুৰি সমীক্ষাঃ ক’ভিডত মৃত্যু তিনি শতাধিক সাংবাদিকৰ
নিয়মীয়া বাৰ্তা ১৯ মেঃ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত অগ্রণী যোদ্ধা চিকিৎসক, স্বাস্থ্যকর্মী আৰু নিৰাপত্তা বাহিনীৰ লগতে সংবাদ মাধ্যমৰ লোকেও কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ ক’ভিডৰ বিৰুদ্ধে যুঁজখনক দেশবাসীৰ মাজত প্রচাৰেৰে সজাগ আৰু সতর্ক কৰাৰ অগ্রণী যোদ্ধা সংবাদ মাধ্যমৰ লোকে নিজেই এই ঘাতক ভাইৰাছটোৰ বলি হৈছে৷ ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংহাৰ সংবাদ মাধ্যমত এনে ৰূপ ধাৰণ কৰিছে যে এতিয়ালৈকে তিনি শতাধিক সাংবাদিকে প্রাণ হেৰুৱাইছে৷ তথ্য মতে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লোৱাৰ সময়ছোৱাত এপ্রিল মাহত প্রতিদিনে তিনিজনকৈ সাংবাদিকৰ কৰুণ মৃত্যু ঘটিছে৷ তেনেদৰে মে’ মাহত প্রতিদিনে চাৰিজনকৈ সাংবাদিকৰ মৃত্যু হৈছে৷ চহৰাঞ্চলৰ পৰা গ্রামাঞ্চললৈকে জ্যেষ্ঠ সাংবাদিকৰ পৰা কনিষ্ঠ সাংবাদিক ঘাতক ভাইৰাছটোৰ বলি হৈছে৷
দিল্লীস্থিত ইনষ্টিটিউট অৱ পাৰচেপচন ষ্টাডিজে চলোৱা সমীক্ষা মতে ২০২০ চনৰ এপ্রিলৰ পৰা ২০২১ চনৰ ১৬ মে’লৈকে তিনি শতাধিক সাংবাদিকৰ মৃত্যু ঘটিছে৷ ইয়াৰে ২৩৮জন সাংবাদিক ক’ভিড–১৯ত মৃত্যু হোৱাটো নিশ্চিত হৈছে যদিও বাকী ৮২জন সাংবাদিকৰ উপযুক্ত তথ্য লাভ কৰা নাই৷ ইনষ্টিটিউট অৱ পাৰচেপচন ষ্টাডিজৰ সমীক্ষাৰ তথ্য মতে ক’ভিড–১৯ দ্বিতীয় জোৱাৰে প্রথম জোৱাৰতকৈ অধিক ক্ষতি কৰিছে সংবাদ মাধ্যমক৷ প্রথম জোৱাৰৰ মহামাৰীত ৫৬জন সাংবাদিকে প্রাণ হেৰুওৱাৰ বিপৰীতে দ্বিতীয় জোৱাৰৰ ১ এপ্রিলৰ পৰা ১৬ মে’লৈকে ১৭১জন সাংবাদিকে প্রাণ হেৰুৱাইছে৷
ইয়াৰ উপৰি জানুৱাৰীৰ পৰা এপ্রিললৈকে ১১জন সাংবাদিকে প্রাণ হেৰুৱাইছে৷ ইনষ্টিটিউটৰ সঞ্চালক ড০ কোটা নীলিমাই প্রকাশ কৰা মতে, ৩০০তকৈ অধিক সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ ইয়াৰে ২৩৮জনৰ তথ্য ইতিমধ্যে মজুত আছে যদিও বাকীখিনিৰ সম্পূর্ণ তথ্য এতিয়াও আহি পৰা নাই৷ এই সাংবাদিকসকলৰ মৃত্যু ঘটিছে বাতৰি সংগ্রহ কৰিবলৈ বাহিৰত ঘূৰি ফুৰাৰ লগতে একাংশ কার্যালয়ত কর্মৰত হৈ থকাৰ মাজতে৷ সঞ্চালকগৰাকীয়ে প্রকাশ কৰা মতে ক’ভিডত প্রাণ হেৰুওৱা সাংবাদিকসকলৰ ভিতৰত প্রখ্যাত সংবাদ গোষ্ঠীৰ সাংবাদিক, ষ্টীনজাৰ, ফ্রী লেন্সচাৰ, ফটো জার্নেলিষ্ট আৰু চিটিজেন জার্নেলিষ্টো আছে৷ ইনষ্টিটিউট অৱ পাৰচেপচন ষ্টাডিজৰ উপৰি নেটৱর্ক অৱ অ’মেন ইন ইণ্ডিয়াই চলোৱা সমীক্ষাতো ক’ভিডত আক্রান্ত হৈ প্রায় ৩০০ সাংবাদিকৰ মৃত্যু ঘটা বুলি তথ্য প্রকাশ পাইছে৷
মন কৰিবলগীয়া যে ক’ভিড–১৯ত আক্রান্ত হৈ তেলেংগানাত ৩৯জন, উত্তৰ প্রদেশত ৩৭জনে প্রাণ হেৰুওৱাৰ বিপৰীতে দিল্লীত ৩০জন, মহাৰাষ্ট্রত ২৪জন, ওড়িশাত ২৬জন, মধ্যপ্রদেশত ১৯জন আছে৷ গুৰুত্বপূর্ণ যে প্রাণ হেৰুওৱাৰ সাংবাদিকৰ ভিতৰত ৪১ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত ৩১ শতাংশ, ৩১ৰ পৰা ৪০ বছৰৰ ভিতৰত ১৫ শতাংশ, ৫১ৰ পৰা ৬০ বছৰৰ ভিতৰত ১৯ শতাংশ, ৬১ৰ পৰা ৭০ বছৰৰ ভিতৰত ২৪ শতাংশ আৰু ৭১ বছৰৰ ঊর্ধ্বৰ ৯ শতাংশ সাংবাদিকৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ লক্ষণীয় যে বৃহৎ চহৰতকৈ ক্ষুদ্র চহৰসমূহত ক’ভিড–১৯ত আক্রান্ত হৈ অধিক সাংবাদিকৰ মৃত্যু ঘটিছে৷ ড০ কোটা নীলিমাই প্রকাশ কৰা মতে মেট্র’ চহৰত ৩৫ শতাংশই প্রাণ হেৰুওৱাৰ বিপৰীতে ক্ষুদ্র চহৰত ৬৪ শতাংশই প্রাণ হেৰুৱাইছে৷ তদুপৰি ছপা মাধ্যমৰ ৫৫ শতাংশ, টিভি আৰু ডিজিটেল মিডিয়াৰ ২৫ শতাংশ আৰু ফ্রী লেন্স সাংবাদিকতাৰ ১৯ শতাংশ আছে ক’ভিড–১৯ত প্রাণ হেৰুওৱা তিনি শতাধিকৰ ভিতৰত৷