নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ আগষ্টৰ ভিতৰত ক’ভিড ৰোগীৰ ১০ হাজাৰ বিছনা: স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ অহা ২ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ভিড ৰোগী ৰখাৰ বাবে ১০ হাজাৰ বিছনা স্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ইয়াৰ বাবে মহানগৰীৰ ৮টাকৈ নতুন স্থানত স্থাপন কৰিব ক’ভিড কেয়াৰ চেণ্টাৰ৷ এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত চিকিৎসক, নার্ছ, কমিউনিটী হেল্থ অফিচাৰ, লেবৰেটৰী টেক্নিচিয়ান আদিৰ উপস্থিতিত আয়োজিত এখন বৈঠকত সেই কথা স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

মন্ত্রী ড০ শর্মাই বৈঠকখনত কয় যে অহা ১৫ আগষ্টৰ ভিতৰত অসমত ক’ভিড ৰোগীৰ সংখ্যা ৬৫ হাজাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰত চৰকাৰে ব্যক্ত কৰিছে৷ গুৱাহাটী মহানগৰীত ২২ হাজাৰ ক’ভিড ৰোগী ওলোৱাৰ সম্ভাৱনা আছে৷ বর্তমানলৈকে ৰাজ্যখনত ২৫ হাজাৰ ক’ৰোনা ৰোগী আছে৷ সেই অনুসৰি অহা ১৫ আগষ্টলৈ প্রতিদিনে ৰাজ্যখনত এহেজাৰৰ পৰা ১২০০ ৰোগী ওলাব৷ গুৱাহাটী মহানগৰীত ৭০০ৰ পৰা ৯০০ ৰোগী ওলোৱাৰ সম্ভাৱনা আছে৷ প্রতিদিনে এহেজাৰকৈ নতুন ৰোগী ওলাবলৈ হ’লে স্বাভাৱিকতে স্বাস্থ্য বিভাগে ৰোগী ৰখাৰ ব্যৱস্থা বর্তমানতকৈ দুগুণ কৰিব লাগিব৷ সম্প্রতি এণ্টিজেন টেষ্টত ধৰা পৰা ৰোগীক ১০ দিন চিকিৎসালয়ত ৰাখিব লাগে৷ সেই অনুসৰি ১০ দিন পিছতহে এহেজাৰ ৰোগী চিকিৎসালয়ৰ পৰা ৰিলিজ পাব৷ ইয়াৰ পৰিপ্রেক্ষিতত মহানগৰীৰ নেহৰু ষ্টেডিয়াম, পলাশবাৰী, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, আজাৰাৰ গিৰিজানন্দ ইঞ্জিনীয়াৰিং কলেজ, ৰয়েল গ্ল’বেল স্কুল, ডিপিএছ, কাজিৰঙা বিদ্যাপীঠ আৰু আমিনগাঁৱৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখৰ খেলপথাৰত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷

 অহা ৩১ আগষ্টলৈ অথবা ১৫ ছেপ্ঢেম্বৰ পর্যন্ত মহানগৰীত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ধাৰণা কৰি স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্রহণৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে তাৰ বাবেই স্বাস্থ্য বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা মহানগৰীত স্বাস্থ্যকর্মীৰ সংখ্যা বৃদ্ধি কৰিছে৷ পি জি পাঠ্যক্রমৰ চিকিৎসকসকলকো বিভাগলৈ যোৱাৰ পৰিৱর্তে ক’ভিড যুদ্ধত নিয়োজিত কৰিছে৷ তেওঁ আৰু কয় যে গুৱাহাটীত মহেন্দ্রমোহন চৌধুৰী হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জটিল ৰোগীসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ বিপৰীতে আয়ূর্বেদিক কলেজ হাস্পতাল, কালাপাহাৰ হাস্পতাল, আইআইটি, হেভেল, এমএছএমই কমপ্লেক্স, পতঞ্জলি কমপ্লেক্স, সোণাপুৰ হাস্পতাল, জাগীৰোড হাস্পতাল, খানাপাৰা কমপ্লেক্স, মণিৰাম দেৱান ট্রেড চেণ্টাৰ, সৰুসজাই ষ্টেডিয়াম, ডনবস্ক’, ৰাণী লক্ষ্মীবাঈ ইনষ্টিটিউট প্রকৃততে ক’ভিড কেয়াৰ চেণ্টাৰহে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়া প্রায় ৪০০ ৰোগীৰ চিকিৎসা কৰিব পৰা অৱস্থাত থকাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে জটিল ৰোগী ৰখাৰ বাবে মেডিকেল কলেজত নতুনকৈ ২৫০খন বিছনা বৃদ্ধিৰ ব্যৱস্থা লোৱা হৈছে৷ তেওঁ আৰু কয় যে গুৱাহাটী মহানগৰীত দৈনিক ৭০০ পর্যন্ত ক’ভিড ৰোগী চিনাক্ত হৈছিল৷ যোৱা তিনি সপ্তাহ লকডাউনৰ ফলত তিনি–চাৰি দিনত সেই সংখ্যা ৪৫০লৈ হ্রাস পাইছে৷ কালিৰে পৰা গুৱাহাটী মহানগৰীত লকডাউন প্রত্যাহাৰ হৈছে৷ লকডাউন প্রত্যাহাৰৰ ফলত গুৱাহাটীত ক’ভিডত আক্রান্তৰ হাৰ কিমান হ’ব সেয়া অহা ২৭, ২৮ জুলাইৰ পৰাহে জানিব পৰা যাব৷ জনসাধাৰণে এই সময়ছোৱাত যদি মাস্ক পৰিধানৰ পৰা বিৰত থাকে আৰু সামাজিক দূৰত্ব মানি নচলে, তেতিয়াহ’লে সেই সংখ্যা অৱধাৰিতভাৱেই বৃদ্ধি পাব৷

You might also like