নিয়মীয়া বাৰ্তা ২৮ মেঃ দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা সামান্য নিম্নগামী হ’লেও দেশত ক’ভিড–১৯ নির্দেশনা পূর্বৰ দৰে বাহাল থাকিব৷ এই মর্মে ক’ভিড–১৯ নির্দেশনা ৩০ জুনলৈকে বাহাল থাকিব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আজি চলিত ক’ভিড–১৯ নির্দেশনা অহা ৩০ জুনলৈকে বাহাল ৰাখিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ নির্দেশ দিছে৷
তদুপৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে ক’ৰোনা সংক্রমণৰ পৰিমাণৰ ওপৰত নির্ভৰ কৰি স্থানীয়ভাৱে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি মহামাৰী ভাইৰাছটোৰ সংক্রমণ ৰোধ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিছে৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক নতুনকৈ আক্রান্ত আৰু সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা নিম্নগামী হোৱাৰ প্রতি লক্ষ্য ৰাখি কণ্টেইনমেণ্ট জ’নৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰিব বুলিও প্রকাশ কৰিছে৷ গৃহ সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীলৈ এই নির্দেশনা প্রেৰণ কৰিছে৷
উল্লেখ্য যে যোৱা ২৯ এপ্রিলত ক’ভিড নির্দেশনা জাৰি কৰি এই নির্দেশনা মে’ৰ শেষলৈ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ মে’ মাহ শেষ হ’বলৈ মাজত দুদিন থকা অৱস্থাত আজি গৃহ মন্ত্রালয়ে পূর্বৰ নির্দেশনাই বাহাল থাকিব বুলি প্রকাশ কৰিছে৷ নির্দেশনাত এই কথাও উল্লেখ কৰা হৈছে যে ৰাজ্যসমূহে অক্সিজেনযুক্ত বিছনা, আইচিইউ বিছনা, ভেণ্টিলেটৰ, এম্বুলেঞ্চ আদি পর্যাপ্ত উপলব্ধৰ নিশ্চিত কৰিব লাগিব৷ হাস্পতাললৈ অনা–নিয়াৰ ক্ষেত্রত এম্বুলেঞ্চৰ পৰিমাণো নিশ্চিত কৰাৰ ক্ষেত্রত ৰাজ্যসমূহক গুৰুত্ব দিবলৈ নির্দেশনাত উল্লেখ কৰা হৈছে৷ ইপিনে, নতুন নির্দেশনাটোত লকডাউন বলৱতক লৈ স্পষ্টভাৱে একো উল্লেখ কৰা হোৱা নাই৷