নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক লৈ ইউৰোপীয় সংঘত মতানৈক্য

মাৰাত্মক মহামাৰীৰ মোকাবিলাৰ বিষয়ত সফল হোৱা নাই ২৭ ৰাষ্ট্রৰ নেতা

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ ক’ভিড–১৯ মহামাৰীয়ে সৃষ্টি কৰা দুর্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্রত ইউৰোপীয় সংঘৰ নেতৃবৃন্দৰ মতানৈক্য অব্যাহত আছে৷ দুদিনীয়াকৈ ইউৰোপীয় সংঘৰ ২৭ ৰাষ্ট্রৰ নেতাসকলৰ মাজত বেলজিয়ামৰ ৰাজধানী ব্রুছেলছস্থিত সংস্থাটোৰ মুখ্য কার্যালয়ত এই বৈঠক কালিৰে পৰা অনুষ্ঠিত হয়৷ কালি দিনৰ পৰা আৰম্ভ হোৱা বৈঠক ওৰেনিশা চলে যদিও নেতাসকলৰ মাজত বাৰে বাৰে সৃষ্টি হয় মতানৈক্য৷ অৱশ্যে সংস্থাটোৰ নেতাসকল ১.৮৫ লাখ কোটি ইউৰো অর্থাৎ ২.১ লাখ কোটি ডলাৰৰ বৃহৎ ধনৰাশিৰ বাজেটত কি কি শিতান ৰাখিব, তাক লৈ এতিয়াও ঐকমত্যত উপনীত হ’ব পৰা নাই৷ নেদাৰলেণ্ডৰ প্রধানমন্ত্রীগৰাকীয়্ সংবাদ মাধ্যমক জনোৱা অনুসৰি শুকুৰবাৰৰ মাৰাথন আলোচনা আছিল অতি নিষ্প্রভ৷ আজি আলোচনাই সুফল দিব নে নাই, সেই সন্দর্ভত এতিয়াও কোনো এখন দেশৰ নেতাই নিশ্চয়তা প্রদান কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখনীয় যে ইউৰোপীয় সংঘৰ কার্যকৰী কমিটীয়ে এই বিষয়টো সন্দর্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ নেতাসকলৰ মাজত চলি থকা মতানৈক্যৰ বাবে জার্মান, ফ্রান্স, হাংগেৰী আদি দেশে ইউৰোপীয় সংঘৰ ক’ভিড–১৯ মোকাবিলাৰ বিষয়টোক যুগান্তকাৰী হ’ব লাগিব বুলি দাবী কৰি আছে যদিও কেইবাখনো সৰু ৰাষ্ট্রই বৃহৎ অংকৰ পুঁজি সত্ত্বেও বিশেষ উপকৃত হ’ব নোৱাৰিব বুলি আশংকা কৰিছে৷ লক্ষণীয়ভাৱে ইউৰোপীয় সংঘৰ সদস্য দেশসমূহত ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে ১,৩৫,০০০ লোকে৷ ইফালে এই ২৭ ৰাষ্ট্রত জি ডি পিৰ অভাৱনীয়ভাৱে পতন ঘটিছে৷ এনে পৰিস্থিতিত ক’ভিড–১৯ মহামাৰীক ইউৰোপৰ বাবে মহাবিপর্যয় আখ্যা দিছে কেইবাগৰাকীও নেতাই৷ জার্মান চেঞ্চলৰ মার্কেন, ফৰাচী ৰাষ্ট্রপতি মেক্রন প্রমুখ্যে নেতাই সংস্থাটোৰ এই সন্মিলন সফল কৰাত গুৰুত্ব প্রদান কৰিছে।

You might also like