৩১ মার্চলৈ দেশত অব্যাহত থাকিব ক’ভিড নির্দেশাৱলী
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ নির্দেশনা ৩১ মার্চলৈকে বলৱৎ হৈ থাকিব বুলি ঘোষণা কৰিছে৷ আজি গৃহ মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰিছে যে বর্তমান দেশত নতুনকৈ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷
ক’ভিডত আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰি থকা লোকৰ সংখ্যাও ফেব্রুৱাৰী মাহত যথেষ্ট পৰিমাণে হ্রাস পোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ কিন্তু ক’ভিডৰ সংক্রমণ কমি আহিলেও নিৰীক্ষণ ব্যৱস্থা অব্যাহত ৰখাৰ প্রয়োজন আছে বুলি গৃহ মন্ত্রালয়ে ঘোষণা কৰিছে৷ গতিকে মহামাৰীৰ পৰা দেশ সম্পূর্ণৰূপে মুক্ত নোহোৱালৈকে নিৰীক্ষণ ব্যৱস্থা চলি থাকিব৷ আগন্তুক ৩১ মার্চলৈকে ক’ভিডৰ নির্দেশাৱলী পূর্বৰ দৰে বলৱৎ হৈ থাকিব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে৷
লক্ষণীয়ভাৱে নতুন সংক্রমণৰ ক্ষেত্রত কনটেইনমেণ্ট জ’নৰ ব্যৱস্থা পূর্বৰ দৰেই চলি থাকিব বুলিও গৃহ মন্ত্রালয়ে সদৰী কৰিছে৷