নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৩৭ সহকাৰী–কনিষ্ঠ প্রবন্ধক, সহকাৰী গাণনিক বিষয়াক নিযুক্তি

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ শক্তিখণ্ডৰ তিনি কোম্পানী এ পি ডি চি এল–এ ই জি চি এল–এ পি জি চি এলত আজি সম্পন্ন হয় এক বৃহৎ নিযুক্তি প্রক্রিয়া৷ মহানগৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত তিনিওটা কোম্পানীৰ নৱনিযুক্ত ৭৩৭জন সহকাৰী প্রবন্ধক, কনিষ্ঠ প্রবন্ধক আৰু সহকাৰী গাণনিক বিষয়াক নিযুক্তি–পত্র প্রদান কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনৰ শক্তিখণ্ডৰ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামান প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে নৱনিযুক্ত বিষয়াসকলক অভিনন্দন জনাই তেওঁলোকক ৰাজ্যখনৰ শক্তিখণ্ডৰ উন্নয়নৰ হকে উৎসর্গিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়৷ শক্তিখণ্ডৰ কোম্পানীসমূহে উপভোক্তাসকললৈ মানসম্পন্ন আৰু খৰতকীয়া সেৱা প্রদানৰ উপৰি গ্রাহকৰ অভিযোগসমূহৰ দ্রুত নিষ্পত্তিকৰণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

তেওঁ কয় যে নৱনিযুক্ত বিষয়াসকলে ৰাজ্যখনৰ প্রতিটো পৰিয়ালৰ বাসগৃহতে বিজুলী যোগান ধৰাৰ জৰিয়তে সমাজৰ পৰা আন্ধাৰ নাশ কৰাৰ সংকল্প ল’ব লাগিব৷ অসমৰ আর্থিক উন্নয়নত শক্তিখণ্ডই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ আজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা শক্তিখণ্ডৰ প্রকল্পসমূহে অসমক বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হ’ব৷ এই প্রকল্পসমূহে পৰৱর্তী সময়ছোৱাত আন ৰাজ্যৰ পৰা বিদ্যুৎ আমদানিৰ প্রয়োজনীয়তা হ্রাস কৰিব বুলিও মুখ্যমন্ত্রী সোণোৱালে মন্তব্য কৰে৷ ইফালে আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রী সোণোৱালে বৰাক উপত্যকাৰ বাবে মিনি সচিবালয় ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে উদ্বোধন কৰাৰ উপৰি উপত্যকাটোৰ তিনিখন জিলাত ২০টা আন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে মিনি সচিবালয় আৰু অন্যান্য প্রকল্পসমূহ উৎসর্গা কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতি সাৰোগত কৰি ৰাজ্য চৰকাৰে অসমৰ প্রতিটো অংশৰে সমবিকাশৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত বনমন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, শক্তি বিভাগৰ শীর্ষ বিষয়াসকলৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

You might also like