এনএছজিৰ প্রাক্তন মুৰব্বী জে কে দত্তৰ ক’ভিডত মৃত্যু
২৬/১১ মুম্বাইৰ সন্ত্রাসবিৰোধী অভিযানৰ নেতৃত্ব
নিয়মীয়া বাৰ্তা ২০ মেঃ ঘাতক ক’ভিড–১৯ত প্রাণ হেৰুৱালে এন এছ জিৰ প্রাক্তন সঞ্চালকপ্রধান জে কে দত্তই৷ ২৬/১১ মুম্বাইৰ সন্ত্রাসবিৰোধী অভিযানক সন্মুখৰ পৰাই নেতৃত্ব দি দেশজুৰি চর্চিত হোৱা এন এছ জিৰ প্রাক্তন মৰব্বী জে কে দত্তৰ আজি বিয়লি ৩.৩০ বজাত গুড়গাঁৱৰ মেদান্ত হাস্পতালত বিয়োগ ঘটে৷ পৰিয়ালৰ সূত্রই প্রকাশ কৰা মতে, প্রাক্তন আই পি এছ দত্তক যোৱা ১৪ এপ্রিলত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাৰ বাবে গুড়গাঁৱৰ মেদান্ত হাস্পতালত ভর্তি কৰোৱা হয়৷ এন এছ জিৰ পৰাক্তন মুৰব্বী ৭২ বছৰীয়া দত্তৰ ক’ভিড–১৯জনিত জটিলতাৰ বাবেই আজি বিয়লি চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷ ১৯৭১ চনৰ আই পি এছ পশ্চিমবংগৰ কেডাৰ জে কে তথা জ্যোতি কৃষ্ণ দত্তই এন এছ জি (নেচনেল ছিকিউৰিটী গার্ড)ৰ সঞ্চালকপ্রদান হিচাপে ২০০৬ চনৰ আগষ্টৰ পৰা ২০০৯ চনৰ ফেব্রুৱাৰীলৈ কার্যনির্বাহ কৰে৷ তেওঁ এন এছ জিৰ মুৰব্বী হৈ থাকোঁতেই ২০০৮ চনৰ ২৬ নৱেম্বৰত বাণিজ্যিক ৰাজধানী মুম্বাইত পাকিস্তানী সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ চলাইছিল৷ এই অভাৱহ সন্ত্রাসবাদী আক্রণৰ বিৰুদ্ধে দত্তই সন্মুখৰ পৰাই নতৃত্ব দি অভিযান চলাইছিল৷ এন এছ জিত কার্যনির্বাহ কৰাৰ পূর্বে দত্তই চি বি আইৰ সঞ্চালকৰ দায়িত্বৰ লগতে চি আই এছ এফৰ সৈতে জড়িত আছিল৷ মৃত্যুৰ সময়ত দত্তই তেওঁৰ পত্নী, পুত্র আৰু আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়৷