নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন পঞ্জীয়ন নকৰিলেও ১৮-৪৪ বছৰ বয়সৰ লোকে ল’ব পাৰিব ভেকচিন

নিয়মীয়া বাৰ্তা ২৪ মেঃ  ক’ভিড ভেকচিন লোৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ মাজতেই দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।এতিয়াৰে পৰা অনলাইন পঞ্জীয়ন নকৰিলেও ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকে ল’ব পাৰিব ক’ভিড ভেকচিন।

এনে লোকসকলে এতিয়া টিকাকৰণ কেন্দ্ৰতো পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, এই সুবিধাটো কেৱল বৰ্তমানৰ বাবে চৰকাৰী কেন্দ্ৰত উপলব্ধ হ’ব। ব্যক্তিগত চিকিৎসালয়ৰ কেন্দ্ৰবোৰে এতিয়াও অনলাইন পঞ্জীয়ন কৰিব লাগিব আৰু ভেকছিনৰ বাবে Slot বুক কৰিব লাগিব।

স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যক জিলা প্ৰশাসনৰ পৰা অনচাইট পঞ্জীয়নৰ সুবিধা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে ৰাজ্যসমূহক কেন্দ্ৰত অনচাইন পঞ্জীয়নৰ সময়ত যাতে কোনো ধৰনৰ ভিৰ নহয় সেয়া নিশ্চিত কৰিবলৈও কয়।

You might also like