নিয়মীয়া বাৰ্তা ৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰাৰ সময়ত ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ বাবে একমাত্র উপায় হিচাপে বিবেচিত প্রতিষেধক প্রস্তুত কৰিবলৈ আগশাৰীৰ ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠানসমূহে দিনে–নিশাই কাম কৰি আছে৷ সময়ৰ বিপৰীতে এই দৌৰত ইতিমধ্যে কেইবাটাও প্রতিষ্ঠানে আশাপ্রদ ফলাফল লাভ কৰা বুলি দাবী কৰিছে৷ ইয়াৰ মাজতে পুনৰ আন এক আশাৰ বার্তা কঢ়িয়াই আনিছে ইটালীৰ এটা সংস্থাই৷ ইটালীৰ গৱেষকসকলে দাবী কৰা মতে, তেওঁলোকে প্রস্তুত কৰা ভেকচিনত আছে নিগনিৰ পৰা সৃষ্টি কৰা এণ্টিব’ডী, যিয়ে মানুহৰ কোষকো ক’ভিড–১৯ৰ পৰা সুৰক্ষিত কৰিব পাৰে৷ নিগনিৰ ওপৰত ইতিমধ্যে পৰীক্ষা সম্পন্ন কৰাৰ পাছত এতিয়া সংস্থাটোৱে অহা কেইমাহমানৰ ভিতৰতে মানুহৰ ওপৰতো পৰীক্ষা চলাব৷ ৰোমৰ লাজ্জাৰো স্পেলানজানি নেচনেল ইনষ্টিটিউট ফৰ ইনফেকচিয়াছ ডিজিছৰ মুখ্য কার্যবাহী বিষয়া লুইগী অ’ৰিছিক্কি’ই কয় যে গৱেষণাগাৰত এই ভেকচিনে ইতিমধ্যে মানুহৰ কোষত থকাSARS-CoV-2 ভাইৰাছক নিষ্ক্রিয় কৰিছে৷ লাখ লাখ মানুহ ক’ৰোনা ভাইৰাছত মৃত্যু হোৱাৰ সময়ত গৱেষকসকলে দিনে–নিশাই প্রতিষেধক প্রস্তুত কৰাৰ কামত জড়িত হৈ আছে যদিও সমগ্র বিশ্বত ইয়াক প্রয়োগ কৰাৰ পূর্বে এনে ভেকচিন মানুহৰ স্বাস্থ্যৰ প্রতি কিমান নিৰাপদ বা এই ভেকচিনসমূহ কিমান কার্যক্ষম তাক নিশ্চিত কৰাৰ প্রয়োজন আছে৷ সেয়ে ভেকচিন উদ্ভাৱন হ’লেও সমজুৱাকৈ প্রদানৰ পূর্বে দীঘলীয়া পৰীক্ষা–নিৰীক্ষাৰ প্রয়োজন হ’ব৷ ইয়াৰ বাবে সম্ভৱতঃ অপেক্ষা কৰিবলগীয়া হ’ব আন এটা বছৰ৷ অৱশ্যে চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ লগতে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ফ্রণ্টলাইনৰ পৰা যুঁজ দি থকা স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষামূলকভাৱে এনে ভেকচিন প্রয়োগ কৰাৰ পূৰামাত্রাই সম্ভাৱনা আছে৷ বিশেষকৈ সেই স্থানসমূহত এনে পৰীক্ষামূলক প্রয়োগ সফল হ’ব, য’ত সম্প্রতি ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ সর্বাধিক৷
ইপিনে, ইয়াৰ মাজতে ফ্রান্সৰ লুই পাষ্ট’ৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে নিক’টিনে মানৱ দেহৰ কোষত ক’ৰোনা ভাইৰাছৰ প্রৱেশত বাধা দিব পাৰে৷ অৱশ্যে তেওঁলোকে ইয়াৰ থেছিছ সম্পূর্ণ কৰিলেও সম্প্রতি তেওঁলোকৰ দাবী প্রমাণিত কৰিবলৈ পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰা নাই৷ ফ্রান্সৰ বিজ্ঞানীসকলৰ মতে ক’ৰোনা ভাইৰাছে আক্রমণৰ লক্ষ্য কৰা মানৱ শৰীৰৰ কোষক ৰক্ষণাবেক্ষণ দিব পাৰে৷ কোনো ভাইৰাছ বা এণ্টিজেনৰ শৰীৰত প্রৱেশৰ সময়ত স্নায়ুতন্ত্রত থকা এবিধ কোষে সতর্ক কৰি দিয়ে৷ ঠিক সেই সময়তে মানৱ শৰীৰৰ কোষত তেনে ভাইৰাছ বা এণ্টিজেন গ্রহণ কৰিবলৈ সাজু হয়৷ কিন্তু ফ্রান্সৰ বিজ্ঞানীসকলৰ মতে নিক’টিনে এই গোটেই প্রক্রিয়াটোত বাধা দিব পাৰে৷ এজন লোকৰ শৰীৰত পর্যাপ্ত নিক’টিন উপস্থিত থাকিলে স্নায়ুতন্ত্রৰ বিশেষ কোষে শৰীৰলৈ সতর্কবাণী প্রেৰণ কৰে৷ ফলত কোষত ক’ৰোনা ভাইৰাছৰ প্রৱেশৰ পথ বন্ধ হৈ যায়৷ ধুম্রপায়ী লোকসকলৰ বাবে ক’ৰোনা ভাইৰাছৰ সংক্রমণ অত্যন্ত বিপজ্জনক বুলি সাধাৰণ ধাৰণাৰ বিপৰীতে ফ্রান্সৰ বিজ্ঞানীৰ এই থেছিছে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷