COVID নিগেটিভ অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি COVID টেষ্টত নিগেটিভ হয়। ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে হোম কোৱাৰেণ্টাইনত আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
উল্লেখ্য যে বিগত ২ আগষ্টত ক’ৰোনাত আক্ৰান্ত হৈ আছিল শ্বাহ। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালৰ চিকিৎসকৰ তত্ত্বাৱধানত থকা শ্বাহে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে।
টুইটাৰ যোগে তেওঁ কয় যে আজি মোৰ ক’ৰোনা টেষ্টৰ ৰিজাল্ট নিগেটিভ আহে। মই ভগৱান আৰু শীঘ্ৰে স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰা প্ৰতিজন লোকৰ ওচৰত কৃতজ্ঞ। মেদান্তা হাস্পতালৰ কৰ্তৃপক্ষকো ধন্যবাদ জনাইছো বুলি টুইটযোগে মন্তব্য কৰে অমিত শ্বাহে।