নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনত খাদ্য অৰ্ডাৰ দি লঘোনে থাকিল ক্রিকেটাৰ দীপক চাহাৰ

🔹 ক্ষমা প্ৰাৰ্থনা জামাট’ কৰ্তৃপক্ষৰ

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : এটি খাদ্য সৰবৰাহকাৰী এপৰ জৰিয়তে খাদ্য কিনিবলৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে ভাৰতীয় দলৰ ক্রিকেটাৰ দীপক চাহাৰ৷ সামাজিক মাধ্যমত এই অভিজ্ঞতাৰ কাহিনী দাঙি ধৰিছে বেগী বলাৰগৰাকীয়ে৷ অনলাইনত খাদ্য ক্রয় কৰিছিল দীপকে৷ অথচ তেওঁ খাদ্যবস্তু লাভ কৰাৰ পূর্বেই ম’বাইলৰ এপত তেওঁ খাদ্য লাভ কৰা বুলি বার্তা আহিল৷ বিস্মিত ক্রিকেটাৰগৰাকীয়ে সংশ্লিষ্ট সংস্থাটোৰ কার্যালয়ত ফোন কৰোঁতে তেওঁক মিথ্যাবাদী বুলি অভিযোগ কৰা হয়৷ ক্ষুব্ধ ক্রিকেটাৰগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে– ভাৰতত নতুন প্রতাৰণা জামাট’ৰ এপত দেখা গৈছে। মোক খাদ্য যোগান ধৰা হৈছে বুলি দেখুওৱা হৈছে ৷ অথচ মই খাদ্যবস্তু লাভ কৰা নাই৷ সংস্থাটোৰ গ্রাহক পৰিসেৱাত ফোন কৰি বিষয়টো জনোৱাত দাবী কৰা হৈছে যে মোক খাদ্য যোগান ধৰা হৈছে৷ মই নিশ্চিত বহু মানুহ এনেধৰণে প্রতাৰণাৰ বলি হৈছে৷ দীপক চাহাৰৰ এই পোষ্ট ভাইৰেল হোৱাৰ পাছতে হাবু–ডুবু খাইছে জামাট’ কর্তৃপক্ষ৷ সামাজিক মাধ্যমত সংস্থাটোৰ তৰফৰ পৰা দীপকৰ ক্ষোভৰ উত্তৰত লিখা হৈছে– দীপক, আমি তোমাৰ অভিজ্ঞতাৰ কথা জানি অতিশয় উদ্বিগ্ণ৷ এনে অসুবিধাৰ বাবে আমি ক্ষমাপ্রার্থী৷ এই ধৰণৰ বিষয়সমূহ অতিশয় গুৰুত্বসহকাৰে বিবেচনা কৰোঁ৷ দীপকৰ অভিযোগৰ সৈতে সামাজিক মাধ্যমত আন বহুতে এনে অভিজ্ঞতাৰ কথা বর্ণনা কৰিছে৷ তেওঁলোকৰ মতে, দীপক ভাৰতীয় দলৰ হোৱা বাবে পৰিস্থিতি চম্ভালি লোৱাৰ চেষ্টা কৰিছে সংস্থাটোৱে৷ সাধাৰণ মানুহৰ ক্ষেত্রত এনে তৎপৰতা দেখা পোৱা নাযায়৷

You might also like