মানুহৰ তেজ মিহলি জোতাক লৈ বিশ্বজুৰি প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ আমেৰিকান ৰেপাৰ লিল নেছ এক্সে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্র বিতর্ক৷ গায়কগৰাকীয়ে শেহতীয়াকৈ বিতর্কিত ‘ছাটান জোতা’ মুকলি কৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ এই জোতা প্রস্তুত কৰাৰ সময়ত মিহলি কৰা হৈছিল মানুহৰ তেজ৷ ৬৬৬ যোৰ জোতাত এটোপকৈ মানুহৰ তেজ ব্যৱহাৰ কৰা হৈছে বুলি প্রকাশ কৰিছে ৰেপাৰগৰাকীয়ে৷ জোতাৰ ছ’লত মানুহৰ তেজ ব্যৱহাৰ কৰা বুলি ২১ বছৰীয়া গায়কগৰাকীয়ে সংবাদ মাধ্যমত সদৰী কৰাৰ পিছতে বিভিন্ন মহলে ইয়াক গৰিহণা দিছে৷ নাইকি এয়াৰ মেক্স ৯৭ মডেলৰ এই জোতাযোৰত স্থান লাভ কৰিছে চয়তানৰ প্রতিকৃতিয়ে৷ যাৰ বাবে ইয়াক ‘ছাটান শ্বু’জ’ নাম দিয়া হৈছে৷ লক্ষণীয়ভাৱে প্রতিযোৰ জোতাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ৭৪,৮৩৪ টকা হ’ব বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ তাৎক্ষণিকভাৱে সকলোবোৰ জোতা বিক্রী হোৱা বুলি সদৰী কৰিছে নাইকিয়ে৷ কিন্তু বিক্রী হ’লেও জোতাযোৰক লৈ সৃষ্টি হোৱা বিতর্কই এতিয়া বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷