নিয়মীয়া বাৰ্তা, ১৩ মে’ : ভাৰতত ক’ভিড–১৯ মহামাৰীৰ প্রাদুর্ভাৱ আৰু লকডাউনৰ সময় বৃদ্ধি পোৱাৰ লগতে দেশৰ ভিন্ন প্রান্তত কিছুসংখ্যক কৰুণ ঘটনা সংঘটিত হৈছে ৷ কাশ্মীৰৰ এজন চি আৰ পি এফ জোৱানে ক’ৰোনাত আক্রান্ত হোৱাৰ আশংকা কৰি আত্মহনন কৰে ৷ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত এই কৰুণ ঘটনা সংঘটিত হয় ৷ জিলাখনৰ মাট্টান অঞ্চলত চি আৰ পি এফ জোৱানজনে গুলীয়াই আত্মহত্যা কৰে ৷ ৰাজস্থানৰ জয়ছালমেৰৰ বাসিন্দা এই জোৱানজনক ফাটাহ সিং বুলি চিনাক্ত কৰা হৈছে ৷ আত্মহত্যাৰ আগতে জোৱানজনে এটা ছুইচাইড নোট লিখি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাতে এই সিদ্ধান্ত গ্রহণ কৰা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে অনন্তনাগৰ মাট্টানত চি আৰ পি এফৰ ৪৯ বেটেলিয়নত কর্মৰত আছিল জোৱানজন ৷ দেশৰ ভিন্ন প্রান্তত নিৰাপত্তাৰক্ষীৰ মাজত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ বৃদ্ধি পাইছে ৷ কেৱল চি আৰ পি বাহিনীৰে ২৩৪জন জোৱান এই মহামাৰীত আক্রান্ত হৈছে ৷ ইফালে দেশৰ ভিন্ন প্রান্তত গৃহৰাজ্যলৈ ওভতা প্রব্রজিত শ্রমিকৰ পৰিয়ালৰ মাতৃ–শিশুসহ মুঠ চাৰিজন লোক দুর্ঘটনাত মৃত্যু হৈছে ৷ মহাৰাষ্ট্রৰ পৰা জোনাপুৰ হৈ উত্তৰ প্রদেশলৈ এখন অটোৰিক্সাত আহি থকা এগৰাকী মহিলা আৰু তেওঁৰ ৬ বছৰীয়া কন্যাৰ আজি এক পথ দুর্ঘটনাত মৃত্যু হয় ৷ প্রায় ১,৩০০ কিলোমিটাৰ অটোৰিক্সাৰে যাত্রা কৰি উত্তৰ প্রদেশৰ ফটেহপুৰৰ নিজ গৃহৰ প্রায় কাষ পাওঁতেই এখন ট্রাকে অটোৰিক্সাত খুন্দা মৰাত থিতাতে মৃত্যু হয় কন্যাসহ মহিলাগৰাকী৷ আন এক দুর্ঘটনাত আজি পুৱা হাৰিয়ানাত বিহাৰৰ এজন প্রব্রজিত শ্রমিক এখন বাহনৰ খুন্দাত মৃত্যু হয়৷ এই দুর্ঘটনাত আন এজন লোক আহত হয়৷ ইফালে যোৱানিশা ৰায়বেৰেলীত চাইকেলেৰে ঘৰলৈ গৈ থকা আন এজন শ্রমিক দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে ৷