নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ আফগানিস্তানত তালিবানে ন ন অঞ্চলত নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগে লগে শংকিত হৈ পৰিছে চৰকাৰ৷ বিভিন্ন চহৰত তালিবানৰ অগ্রগতিক বাধা দিবলৈ কালিৰে পৰা আফগান চৰকাৰে দেশজুৰি জাৰি কৰিছে এমহীয়া সান্ধ্য আইন৷ ৰাজধানী কাবুল আৰু দুখন প্রদেশক বাদ দি সমগ্র দেশখনত মানুহৰ বাহিৰত চলা–ফুৰা নিষিদ্ধ কৰিছে চৰকাৰে৷ লক্ষণীয়ভাৱে তালিবানে আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চল দখল কৰা বুলি ইতিমধ্যে দাবী কৰিছে৷ অৱশ্যে চৰকাৰে এই দাবীক অগ্রাহ্য কৰি আহিছে৷
ইফালে, আফগানিস্তানৰ কান্দাহাৰৰ তালিবান নিয়ন্ত্রিত অঞ্চলত ৩৩গৰাকী লোকক হত্যা কৰা বুলি এক প্রতিবেদনত প্রকাশ পাইছে৷ এই ৩৩গৰাকী লোকৰ ভিতৰত আছে ধর্মীয় নেতা, জনজাতীয় জ্যেষ্ঠ নেতা আৰু সাংবাদিক৷ বিগত দুটা সপ্তাহৰ ভিতৰত তালিবানে এই লোকসকলক হত্যা কৰা বুলি চোৰাংচোৱায়ো দাবী কৰিছে৷
লক্ষণীয়ভাৱে তালিবানে নিজৰ নিয়ন্ত্রণ নিয়া অঞ্চলসমূহত পূর্বৰ সেই দমনীয় তথা পাশৱিক আইন আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷ এই আইন অনুসৰি মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাটো নিষিদ্ধ কৰিব তালিবানে৷ ইয়াৰ উপৰি পুৰুষৰ বাবে দাড়ি ৰখা আৰু পাগুৰি পৰিধান কৰাটো বাধ্যতামূলক কৰিব৷ মহিলাসকল ২৪ ঘণ্টাই বোর্খাৰ তলত থকাটো নিয়ম কৰিব বুলি ইতিমধ্যে তালিবানে ঘোষণা কৰিছে৷