ঘূর্ণি গুলাবৰ প্রভাৱ আৰম্ভ ওড়িশা–অন্ধ্রপ্রদেশত
নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ বংগোপসাগৰত সৃষ্ট সামুদ্রিক ঘূর্ণি গুলাবৰ প্রভাৱ ইতিমধ্যে ওড়িশা আৰু অন্ধ্রপ্রদেশৰ উপকূলীয় অঞ্চলসমূহত আৰম্ভ হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ওড়িশাৰ গোপালপুৰ আৰু অন্ধ্রপ্রদেশৰ কলিংগপট্টনমৰ মাজত গুলাবৰ প্রভাৱ আৰম্ভ হৈছে৷ এই প্রভাৱ কেইবাঘণ্টা ধৰি চলি থাকিব৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীৰ পিছতে ওড়িশাকে ধৰি উপকূলীয় ৰাজ্যকেইখনত হাই এলার্ট জাৰি কৰাৰ লগতে ক্ষতি হ’ব পৰা সম্ভাব্য স্থানত উদ্ধাৰকাৰী দল মোতায়েন কৰিছে৷ ইপিনে, আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ পৰা উভতি আহিয়ে আজি সামুদ্রিক ঘূর্ণি গুলাবক লৈ ওড়িশা, অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রীৰ সৈতে বার্তালাপ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বার্তালাপৰ সময়ত কেন্দ্রৰ পৰা সকলো সম্ভাব্য সহায় আগবঢ়াব বুলি মুখ্যমন্ত্রীকেইগৰাকী আশ্বাস দিয়ে মোদীয়ে৷