নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথা কওঁতে খোনাই নেকি?

বহু মানুহে কথা কওঁতে খোনায়৷ বহুতৰ আকৌ বেছিকৈ খং উঠিলে কথাবোৰ লাগি ধৰে৷ খোনোৱা মানুহে কেতিয়াবা সুন্দৰকৈ গান গোৱা দেখা যায়৷ খোনোৱাৰ ওপৰত অনেক গৱেষণা হৈছে৷ এই সমস্যাটো মহিলাতকৈ পুৰুষৰ বেছি৷

কেতিয়াবা কিছুমান পৰিয়ালত এই সমস্যাটো বংশানুক্রমে হোৱা দেখা যায়৷ খোনোৱা সমস্যাটো শাৰীৰিক নহৈ কিছুমান মানুহৰ ক্ষেত্রত মানসিক হোৱাও দেখা যায়৷ এই সমস্যাটোৰ পৰা আৰোগ্য হ’বলৈ স্পীচ্ছ থেৰাপিষ্টৰ সহায় ল’ব লাগে৷ কিয়নো খোনোৱা মানুহৰ বুদ্ধিমত্তা সুস্থ৷ আন স্বাভাৱিক ব্যক্তিতকৈ কোনোগুণে কম নহয়৷ সেয়ে উপযুক্ত পৰামর্শ গ্রহণ কৰিলে এই সমস্যা দূৰ কৰাটো সম্ভৱ৷

You might also like