নিয়মীয়া বাৰ্তা, ২১ মেঃ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে সমগ্র দেশবাসীক আতংকিত কৰি ৰখাৰ সময়তে ওড়িশা আৰু পশ্চিমবংগত আজি ধ্বংসলীলা চলায় সাগৰীয় ঘূর্ণি ধুমুহা উম্পুনে৷ ওড়িশা আৰু পশ্চিমবংগত ১৭০–১৯০ কিলোমিটাৰ প্রতিঘণ্টাত অহা প্রচণ্ড বতাহে খুন্দা মাৰে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ওড়িশাৰ উপকূলীয় জিলাসমূহত পুৱা ৮.৩০ বজাৰ পৰা আৰম্ভ হয় প্রচণ্ড বতাহ আৰু বৰষুণ৷ ওড়িশাৰ উপকূলীয় অঞ্চলত প্রতিঘণ্টাত ১০০ কিলোমিটাৰ বেগত অহা বতাহে খুন্দা মৰাৰ ফলত অঞ্চলটোত ব্যাপক ক্ষতি হয়৷ বা–মাৰলীত ওড়িশাৰ এটি শিশু আৰু পশ্চিমবংগৰ হাওৰাত দুগৰাকী মহিলাৰ মৃত্যু ঘটিছে৷ ওড়িশাৰ উপকূলীয় জিলা ভদ্রকৰ এটা কেঁচা ঘৰৰ বেৰ ভাঙি পৰাৰ ফলত তাত বাস কৰা পৰিয়ালটোৰ দুমহীয়া এটি শিশু থিতাতে নিহত হয়৷ ওড়িশাৰ কেন্দ্রপাৰা জগতসিংপুৰ, ভদ্রক আৰু বালাচোৰ জিলাত সাগৰীয় ধুমুহাজাকৰ সর্বাধিক প্রভাৱ পৰিলক্ষিত হয়৷ বতৰ বিজ্ঞান বিভাগৰ আগতীয়া তথ্যৰ ভিত্তিত ওড়িশাত যিকোনো পৰিস্থিতিৰ সৈতে মোকামিলা কৰিব পৰাকৈ নেচনেল ডিজেষ্টাৰ ৰেছপণ্ড ফ’চ সক্রিয় কৰি ৰখাৰ লগতে সাগৰীয় উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে৷
ইপিনে, ওড়িশাৰ পিছতে উম্পুনৰ প্রভাৱ পশ্চিমবংগত পৰিলক্ষিত হৈছে৷ আজি দুপৰীয়াৰ ভাগৰ পৰাই পশ্চিমবংগত মুষলধাৰে বৰষুণ হোৱাৰ লগতে প্রতিঘণ্টাত ১১০ৰ পৰা ১৯০ কিলোমিটাৰ বেগত অহা বতাহে কোবাই যায়৷ বিশেষকৈ পশ্চিমবংগৰ দীঘাত উম্পুনৰ সর্বাধিক প্রভাৱ দেখা গৈছে৷ হাওৰাত ধুমুহাৰ ফলত গছ বাগৰি দুগৰাকী মহিলাৰ লগতে এগৰাকী ১৩ বছৰীয়া কিশোৰৰ মৃত্যু ঘটিছে৷ তদুপৰি সাগৰীয় ধুমুহাজাকৰ প্রভাৱত তচনচ হৈ পৰিছে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চল৷ সাগৰীয় ধুমুহাৰ পিছত ওড়িশা আৰু পশ্চিমবংগক চুই যোৱা সাগৰত বৃহৎ বৃহৎ ঢ়ৌ উঠা পৰিলক্ষিত হয়৷ আগন্তুক দুদিনলৈ পশ্চিমবংগত উম্পুনৰ প্রভাৱ পৰিলক্ষিত হ’ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ কলকাতা চহৰৰ উপৰি মেদিনীপুৰ, ২৪ পৰগনা, হুগলী, মুছিদবাদ, মালদহ আৰু দিনাজপুৰত সাগৰীয় ধুমুহাৰ প্রভাৱ পৰিব৷
ইতিমধ্যে মুষলধাৰে হোৱা বৰষুণৰ ফলত পশ্চিমবংগৰ জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰ বানপানীৰ কবলত পৰিব বুলি জাৰি কৰা হৈছে সতর্কতা৷ মূলতঃ মুষলধাৰে হোৱা বৰষুণৰ ফলত পশ্চিমবংগৰ তিস্তা, টর্চা, জলধাকা, ৰায়দাক আৰু সংকোচ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যাৰ ফলত এই নদীসমূহৰ মথাউৰি ভাঙি পার্শ্বৱর্তী অঞ্চলসমূহত বানপানীয়ে সংহাৰী ৰূপ লোৱাৰো আশংকা কৰা হৈছে৷ ধুমুহা–বৰষুণৰ আশংকা কৰি ইতিমধ্যে ওড়িশাৰ দৰে পশ্চিমবংগৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলকো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ ৰাজ্যখনৰ ভিন্ন প্রান্তত নেচনেল ডিজেষ্টাৰ ৰেছপণ্ড ফ’চৰ ৪১টা গোট বিভিন্ন স্থানত নিয়োজিত কৰা হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই সংবাদ মাধ্যমৰ আগত কয় যে ছুপাৰ চাইক্ল’ন উম্পুনৰ পর্যায়ক্রমে শক্তি হ্রাস পাব৷ পশ্চিমবংগত ইয়াৰ প্রভাৱ ওড়িশাতকৈ কম হ’ব৷
উল্লেখ্য যে সাগৰীয় ধুমুহা উম্পুনৰ প্রভাৱ পশ্চিমবংগৰ লগতে উত্তৰ–পূর্বাঞ্চলতো পৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা অনুসৰি অসমত উম্পুনৰ প্রভাৱ যথেষ্ট কম হ’ব৷ অসমৰ ভিন্ন প্রান্তত উম্পুনৰ ফলত কাইলৈৰ পৰা মুষলধাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী প্রকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ ইয়াৰ বাহিৰে অসমত ধুমুহাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷
(আম্ফান শব্দটো ইংৰাজীAmphanৰ পৰা সৰল ৰূপত উচ্চাৰণ কৰা হৈছে যদিও ইয়াৰ উচ্চাৰণ ‘উম্পুন’ বুলিহে সদৰী কৰিছে ৱর্ল্ড মেট্রোলজিকেল অর্গেনাইজেচনে৷Amphan শব্দটো আহিছে থাই শব্দৰ পৰা৷ ইয়াৰ অর্থ আকাশ৷ বংগোপ সাগৰৰ উপকূলৰ দিশে অহা ঘূর্ণি বতাহজাকৰ নামকৰণ কৰা হৈছিল ২০০৪ চনত৷ দক্ষিণ–পূব এছিয়া আৰু পশ্চিম এছিয়াৰ পৰা উৎপত্তি হৈ এই অঞ্চলৰ দেশসমূহ চুই যোৱা বাবে এই ঘূর্ণিৰ নামকৰণ এই দেশসমূহে পৰামর্শ আগবঢ়োৱা ১৬৯টা নামৰ মাজৰ পৰা বাছনি কৰা হৈছিল আৰুAmphan হিচাপে থাইলেণ্ডে আগবঢ়োৱা প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ ৰাষ্ট্রসংঘৰ ইক’নমিক এণ্ড ছ’চিয়েল কমিছন ফৰ এছিয়া এণ্ড দ্য পেচিফিক শীর্ষক সংস্থাটোৱে এই নামটোৰ স্বীকৃতি দিছে৷ থাই মূলৰ শব্দ হিচাপে ইয়াৰ থাই উচ্চাৰণ ‘উম্পুন’ হিচাপেই অসমীয়াত ব্যৱহাৰ কৰা হৈছে৷)