নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ দেশৰ চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা তামিল মেগাষ্টাৰ ৰজনীকান্তক আজি আনুষ্ঠানিকভাৱে প্রদান কৰা হয়৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা অনুষ্ঠানত দাদা চাহেব ফাল্কে বঁটা তামিল মেগাষ্টাৰ ৰজনীকান্তে উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ হাতৰ পৰা বঁটাটি গ্রহণ কৰে৷ চলিত বর্ষৰ মার্চ মাহত ঘোষিত ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাসমূহ সোমবাৰে আনুষ্ঠানিকভাৱে বিজয়ীসকলক প্রদান কৰে উপ–ৰাষ্ট্রপতি নাইডুৱে৷
‘ভোছলে’ ছবিত অনবদ্য অভিনয়ৰ বাবে মনোজ বাজপেয়ী আৰু ‘অসুৰণ’ত অভিনয়ৰ বাবে ধনুষক শ্রেষ্ঠ অভিনেতাৰ বঁটা আৰু ‘মণিকর্ণিকা’ আৰু ‘পাংগা’ শীর্ষক ছবিত কৰা দুর্দান্ত অভিনয়ৰ বাবে কংগণা ৰাণাৱটে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা উপ–ৰাষ্ট্রপতিগৰাকী হাতৰ পৰা গ্রহণ কৰে৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ সিং ঠাকুৰ, ৰাজ্যিক মন্ত্রী এল মুৰুগান আৰু মন্ত্রালয়ৰ শীর্ষ বিষয়াৰ লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উপ–ৰাষ্ট্রপতি নাইডুৱে ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা বিজয়ীসকলক অর্পণ কৰে৷ শ্রেষ্ঠ সহঃ অভিনেতাৰ বাবে ‘ছুপাৰ ডিলাক্স’ত অনবদ্য অভিনয় কৰা বিজয় সেতুপতি আৰু ‘দ্য টাছকেণ্ট ফাইল’ৰ বাবে শ্রেষ্ঠ সহঃ অভিনেত্রীৰ বঁটা পল্লৱী যোশীক প্রদান কৰা হয়৷ শ্রেষ্ঠ চলচ্চিত্র বঁটা মালয়ালম ছবি ‘মাৰাক্কাৰ আৰাবি কাদালিণ্টে সিংহম’, শ্রেষ্ঠ নির্দেশনা ‘বাহট্টৰ হুৰাইন’ৰ পৰিচালক, শ্রেষ্ঠ শিশু ছবি ‘কস্তুৰী’ (হিন্দী), নৱাগত শ্রেষ্ঠ পৰিচালকৰ ইন্দিৰা গান্ধী বঁটা হেলেনক, জুৰীৰ বিশেষ বঁটা বিৰিয়ানী (মালয়ালম), জোনাকী পৰুৱা (অসমীয়া), লতা ভগৱান কৰে (মাৰাঠী) আৰু পিকাছ’ (মাৰাঠী)ৰ প্রযোজকক প্রদান কৰা হয়৷
ইপিনে শ্রেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে প্রয়াত সুশান্ত সিং ৰাজপুত অভিনীত ছিছ’ৰে৷ ছিছ’ৰেৰ পৰিচালক নীতেশ তিৱাৰী আৰু প্রযোজক ছাজিদ নাদিৱালাই বঁটাটো প্রয়াত অভিনেতা ৰাজপুতক অর্পণ কৰে৷ আন আন আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবিসমূহৰ নির্মাতাকো আজি বঁটা অর্পণ কৰা হয়৷ শ্রেষ্ঠ অসমীয়া ছবি ৰণুৱা–হু নেভাৰ ডাই ছবিখনৰ নির্মাতাকো বঁটা অর্পণ কৰে৷