দাদা চাহেব ফাল্কে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ বঁটাঃ শ্রেষ্ঠ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’
- শ্রেষ্ঠ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’,
- শ্রেষ্ঠ পৰিচালক আৰ বাল্কি,
- শ্রেষ্ঠ অভিনেতা ৰণবীৰ কাপুৰ,
- শ্রেষ্ঠ অভিনেত্রী আলিয়া ভাট
- চলচ্চিত্র জগতত অতুলনীয় অৱদানৰ বাবে ৰেখালৈ সন্মান
- বর্ষশ্রেষ্ঠ আন্তর্জাতিক ছবি আৰআৰআৰ
- সংগীত জগতলৈ অতুলনীয় অৱদানৰ স্বীকৃতি হৰিহৰণলৈ
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: চলচ্চিত্র আৰু টেলিভিছন জগতৰ শ্রেষ্ঠত্বৰ স্বীকৃতিৰে দাদা চাহেব ফাল্কে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ বঁটা যোৱানিশা মুম্বাইত ঘোষণা কৰা হয়৷ ঘোষিত দাদা চাহেব ফাল্কে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ বঁটাত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰে বহুচর্চিত হিন্দী ছবি দ্য কাশ্মীৰ ফাইলছে৷ ‘চুপ ঃ ৰিভেঞ্জ অৱ দ্য আর্টিষ্ট’ শীর্ষক সমালোচকৰ ভূয়সী প্রশংসিত ছবিখনৰ বাবে আৰ বাল্কিয়ে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা৷ আন্তর্জাতিক পর্যায়ত বহুচর্চিত আৰু ভূয়সী প্রশংসিত এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ ছবিখনে লাভ কৰে বর্ষশ্রেষ্ঠ আন্তর্জাতিক ছবিৰ সন্মান৷ ব্রহ্মাস্ত্র পার্ট–১ৰ বাবে ৰণবীৰ কাপুৰে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে গংগুবাঈ কাঠিয়াৱাড়ীৰ বাবে আলিয়া ভাটে লাভ কৰে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা৷ শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা ‘যুগ যুগ জীয়ো’ ছবিৰ বাবে মনীষ পলে লাভ কৰে৷ চলচ্চিত্র উদ্যোগলৈ অতুলনীয় অৱদান আগবঢ়োৱাৰ বাবে ৰেখালৈ সন্মান প্রদান কৰাৰ বিপৰীতে সংগীত জগতত অতুলনীয় অৱদানৰ স্বীকৃতি হিচাপে সন্মান আগবঢ়ায় হৰিহৰণলৈ৷
ভেডিয়া ছবিৰ বাবে সমালোচকৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা বৰুণ ধাৱনে লাভ কৰাৰ বিপৰীতে দ্য কাশ্মীৰ ফাইলছৰ বাবে অনুপম খেৰলৈ বর্ষৰ বহুমুখী অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷ শ্রেষ্ঠ ৱেব ছিৰিজ ৰুদ্র ঃ দ্য এজ অৱ ডার্কনেছ, টেলিভিছনৰ বর্ষশ্রেষ্ঠ ধাৰাবাহিক হিচাপে শ্রেষ্ঠত্বৰ বঁটা অনুপমালৈ আগবঢ়োৱা হৈছে৷ টেলিভিছন ধাৰাবাহিকৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ফানা–ইশক মে মৰজৱাৰ বাবে জেইন ইমামে৷ টেলিভিছন ধাৰাবাহিকৰ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা নাগিনৰ কাৰণে তেজস্বী প্রকাশ, শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী মায়া মাইনুৰ কাৰণে সছেত টেণ্ডন, শ্রেষ্ঠ মহিলা কণ্ঠশিল্পী মেৰী জানৰ কাৰণে নীতিন মোহনে লাভ কৰে৷ বিক্রম বেধাৰ কাৰণে শ্রেষ্ঠ চিত্রগ্রহণকাৰীৰ বঁটা পি এছ বিনোদে লাভ কৰে৷