নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ক’ৰোনাবিধ্বস্ত ২০২০ বর্ষৰ বিদায়ী ক্ষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নৱবর্ষত দেশবাসীক নতুন মন্ত্রৰে আগবাঢ়ি যাবলৈ আহ্বান জনালে৷ ইংৰাজী নৱবর্ষ ২০২১ৰ নতুন মন্ত্র ‘দাৱাই ভী ঔৰ কড়াই ভী’ অর্থাৎ ঔষধো আৰু সাৱধানো৷ মহামাৰী ক’ভিড–১৯ৰ ভেকচিনৰ দেশত গণ টিকাকৰণৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ প্রায় সাজু হৈ থকাৰ সময়তে আজি প্রধানমন্ত্রীয়ে প্রধানতঃ ক’ৰোনা ভাইৰাছক লৈ সেই মন্ত্র দেশবাসীক দিলে৷ উল্লেখ্য যে ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে এক মন্ত্র দিছিল ‘দাৱাই নেহী তো ধিলাই নেহী’ অর্থাৎ যেতিয়ালৈকে ঔষধ নোলায়, তেতিয়ালৈকে কোনো ধৰণৰ অসজাগতা নহ’ব৷ সম্প্রতি বিশ্বৰ কেইবাখনো দেশত ক’ভিড–১৯ ভেকচিনৰ গণ টিকাকৰণ চলি থকাৰ সময়তে ভাৰততো এই প্রক্রিয়া নৱবর্ষৰ যিকোনো মুহূর্তৰ পৰাই আৰম্ভ কৰাৰ ক্ষণ গণি আছে৷ এনে সময়তে প্রধানমন্ত্রী মোদীয়ে ঔষধৰ লগতে সাৱধানতাক প্রাধান্য দি দেশবাসীক নতুন মন্ত্র দিয়াৰ লগতে গণ টিকাকৰণক লৈ উৰাবাতৰি বিশ্বাসত নল’বলৈ আহ্বান জনায়৷ গুজৰাটৰ ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লিখিত মন্ত্র আওৰোৱাৰ লগতে কয় যে ভাৰত আন্তর্জাতিক স্বাস্থ্যৰ স্নায়ুকেন্দ্রত পৰিণত হৈছে৷ ২০২১ বর্ষত স্বাস্থ্য সেৱাত ভাৰতৰ ভূমিকা অধিক শক্তিশালী কৰা হ’ব৷ আমাৰ দেশত শীঘ্রে উৰাবাতৰি বিয়পি পৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ ভেকচিনৰ অভিযানক লৈও উৰাবাতৰি প্রচাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এইক্ষেত্রত দেশবাসীক আহ্বান জনায়৷ প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজাটো অজ্ঞাত শত্রুৰ বিৰুদ্ধে যুঁজাৰ লেখীয়া৷ গতিকে তেওঁ দেশবাসীক আহ্বান জনায়– গণ টিকাকৰণক লৈ সজাগ হৈ থাকিব, এইক্ষেত্রত সচেতন নাগৰিকসকলে ছ’চিয়েল মিডিয়াত প্রচাৰিত উৰাবাতৰি সন্দর্ভত সজাগ হৈ তেনে বাতৰি প্রতিহত কৰাত গুৰুত্ব দিব লাগিব৷ আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত অহা ২ জানুৱাৰীৰ পৰা ক’ভিড–১৯ ভেকচিন প্রদানৰ অনুশীলন আৰম্ভ কৰিবলৈ নির্দেশ দিছে৷ দেশত ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ কৰাৰ পূর্বে ই হৈছে এক অনুশীলন৷ আনহাতে, ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ক’ভিড–১৯ ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ হোৱাৰ তাৰিখ ঘোষণা কৰা নাই যদিও ২০২১ বর্ষৰ প্রাৰম্ভতে এই প্রক্রিয়া আৰম্ভ হোৱাৰ ইংগিত দিছে৷