নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলা ছবিৰ কিংবদন্তি অভিনেতা সৌমিত্র চেটার্জীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বাংলা চলচ্চিত্রৰ অন্যতম পুৰোধা কিংবদন্তি অভিনেতা সৌমিত্র চেটার্জীৰ দেহাৱসান ঘটিছে৷ দেওবাৰে দুপৰীয়া ১২.১৫ বজাত কলকাতাৰ বেলভিউ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে৷ ক’ভিড–১৯ বা ক’ৰোনা মহামাৰীত আক্রান্ত হৈ যোৱা ৬ অক্টোবৰত বেলভিউ হাস্পতালত ভর্তি হৈছিল অভিনেতাগৰাকী৷ পৰৱর্তী সময়ত ক’ভিডমুক্ত হ’লেও শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিয়ে অভিনেতাগৰাকীৰ৷ প্রবীণ অভিনেতাগৰাকীৰ দীর্ঘদিন ধৰি মৃত্যুৰ সৈতে চলিছিল সংগ্রাম৷ কিন্তু অন্তিম মুহূর্তত মৃত্যুৰ ওচৰত হাৰ মানে অভিনেতাগৰাকীয়ে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ মাজতে জীৱন বন্তি নুমাই গ’ল অভিনেতাগৰাকীৰ৷ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে অভিনেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হৈছে তেওঁৰ গ’ল্ফ গ্রীনৰ বাসগৃহলৈ৷ লগে লগে অনুৰাগীয়ে শেষ শ্রদ্ধা জনাবলৈ ভিৰ কৰিছে বাসগৃহত৷ লক্ষণীয়ভাৱে অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে হাস্পতালৰ তৰফৰ পৰা এক বিবৃতিত গভীৰ শোক ব্যক্ত কৰা হৈছে৷ এক শোকবার্তাত হাস্পতাল কর্তৃপক্ষই ঘোষণা কৰিছে যে বহু চেষ্টা কৰিও অভিনেতাগৰাকীৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল৷

তাৎক্ষণিকভাৱে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, মন্ত্রী অৰূপ বিশ্বাস, পশ্চিমবংগৰ মুখ্য সচিব আলপন বেনার্জী আৰু কলকাতা আৰক্ষী আয়ুক্ত অনুজ শর্মাই হাস্পতাললৈ গৈ অভিনেতাগৰাকীক শেষ শ্রদ্ধা নিবেদন কৰিছে৷ মুখ্যমন্ত্রী বেনার্জীয়ে উল্লেখ কৰা অনুসৰি কিংবদন্তি অভিনেতা সৌমিত্র চেটার্জীৰ অন্ত্যেষ্টিক্রিয়া ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব কিয়’ৰাটোলা সমাধি ক্ষেত্রত৷ আজি বিয়লিৰ ভাগত টেকনিচিয়ান ষ্টুডি’ৰ পৰা ৰবীন্দ্র সদনলৈকে বিভিন্ন স্থানত অভিনেতাগৰাকীৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আছে অনুৰাগীসকলে৷ দাদা চাহেব ফাল্কে বঁটা বিজয়ী সৌমিত্র চেটার্জীক বিগত ৪০ দিন ধৰি চিকিৎসকসকলে আৰোগ্য কৰিবলৈ প্রচেষ্টা চলাইছিল যদিও সেয়া ব্যর্থ হয়৷ ১৯৫৯ চনত সত্যজিৎ ৰায়ৰ ‘অপুৰ সংসাৰ’ ছবিখনত অনবদ্য অভিনয়েৰে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছিল চেটার্জীয়ে৷ পৰৱর্তী সময়ত ‘চাৰুলতা’, ‘বেবী’, ‘তিন কন্যা’ আদি ছবিৰ জৰিয়তে দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল চেটার্জীয়ে৷ যশস্বী চলচ্চিত্রকাৰ সত্যজিৎ ৰায়ৰ ১৪খনকৈ ছবিত বলিষ্ঠ অভিনয়েৰে দেশ–বিদেশত খ্যাতি অর্জন কৰিছিল অভিনেতাগৰাকীয়ে৷ সত্যজিৎ ৰায়ৰ ডিটেক্টিভ চৰিত্র ‘ফেলুডা’ৰ জৰিয়তে বাংলা চলচ্চিত্রৰ ক্ষেত্রখনত এক ঈর্ষণীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল চেটার্জীয়ে৷ ২০১৯ চনত ‘ছাঞ্জবাটী’ ছবিত অন্তিমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল অভিনেতাগৰাকীক৷ ১৯৩৫ চনত কলকাতাত জন্মগ্রহণ কৰা সৌমিত্র চেটার্জীয়ে বাংলা সাহিত্যত চিটী কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল৷ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়ত পৰৱর্তী সময়ত স্নাতক ডিগ্রী লাভ কৰে অভিনেতাগৰাকীয়ে৷

উল্লেখনীয় যে বাংলা নাট্যকাৰ তথা অভিনেতা অহিন্দ্র চৌধুৰীৰ সান্নিধ্যত আহি অভিনয়ৰ ক্ষেত্রখনত ভুমুকি মাৰিছিল চেটার্জীয়ে৷ অহিন্দ্র চৌধুৰীৰ নাটক তথা চলচ্চিত্রৰ উপৰি সুদীর্ঘ ছয় দশক ধৰি বাংলা ছবিত এক অনবদ্য অভিনয়েৰে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল অভিনেতা চেটার্জীয়ে৷ অকল অভিনেতাই নহয়, সৌমিত্র চেটার্জী আছিল এগৰাকী বিখ্যাত কবি তথা আবৃত্তিকাৰ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীয়ে এৰি গৈছে পত্নী দীপা চেটার্জী, পুত্র চৌগত আৰু কন্যা পৌলমী বসুক৷ ২০১২ চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰা চেটার্জীয়ে দুবাৰকৈ অভিনয়ৰ বাবে লাভ কৰিছিল ৰাষ্ট্রীয় চলচ্চিত্র বঁটা৷ ১৯৯৮ চনত চেটার্জীয়ে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা৷ ২০০৪ চনত অভিনয়ৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে ভাৰত চৰকাৰে চেটার্জীলৈ আগবঢ়াইছিল পদ্মভূষণ সন্মান৷

লক্ষণীয়ভাৱে ফ্রান্সৰ ‘দ্য অর্ড্রে ডেছ আর্টছ এট ডেছ লেটাৰ’ বঁটাৰেও বিভূষিত হৈছিল অভিনেতাগৰাকী৷ অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে৷

You might also like