নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিহাৰত নীতিশ কুমাৰৰ শপতগ্রহণ

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ  বিহাৰ বিধানসভা নির্বাচনত জয়লাভ কৰাৰ পাছত এন ডি এই  জে ডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰক শীর্ষ নেতা হিচাপে সর্বসন্মতিক্রমে বাছনি কৰিছে৷ আজি নীতিশ কুমাৰে হিন্দী বলয়ৰ ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷

আনুষ্ঠানিকভাৱে এন ডি এৰ শীর্ষ নেতা হিচাপে নীতিশ কুমাৰ নির্বাচিত হোৱা মানেই ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে নেতাগৰাকীয়ে দায়িত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ স্মর্তব্য যে বিজেপিৰ নেতা সুশীল মোদীক আজি এন ডি এই নীতিশ কুমাৰৰ সহযোগী অর্থাৎ উপ–মুখ্যমন্ত্রী পদৰ বাবে নির্বাচিত কৰিছে৷ আজি পাটনাৰ ৰাজ্যপালৰ ভৱনত বিয়লি ৪.৩০ বজাত নীতিশ কুমাৰে পৰৱর্তী মুখ্যমন্ত্রী হিচাপে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰিব৷

লক্ষণীয়ভাৱে একেৰাহে চতুর্থবাৰৰ বাবে নীতিশ কুমাৰে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি বিহাৰত এক অভিলেখ গঢ়িবলৈ গৈ আছে৷ ইয়াৰ পূর্বে নীতিশ কুমাৰে বিহাৰ বিধানসভা ভংগ কৰি ইয়াৰ দায়িত্ব অর্পণ কৰিছিল ৰাজ্যপাল ফাগু চৌহানক৷ অলপতে অনুষ্ঠিত হৈ যোৱা বিহাৰ বিধানসভা নির্বাচনত এন ডি এই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচনত বিজেপিয়ে ৭৪খন আসন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ জে ডি (ইউ)–এ লাভ কৰিছে ৪৩খন আসন৷ লক্ষণীয়ভাৱে এন ডি এৰ আন দুই সহযোগী দলে লাভ কৰিছে ৮খন আসন৷ এন ডি এ জোঁটে ১২৫খন আসন লাভ কৰাৰ বিপৰীতে আৰ জে ডি নেতৃত্বাধীন মহাজোঁটে লাভ কৰিবলৈ সক্ষম হৈছে ১১০খন আসন৷

অৱশ্যে একক বৃহত্তম দল হিচাপে আৰ জে ডিয়ে লাভ কৰিছে ৭৫খন আসন৷ তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ নির্বাচনত অন্তিম মুহূর্তলৈকে বিহাৰ কাৰ দখললৈ যাব, তাক লৈ সৃষ্টি হৈছিল উৎকণ্ঠা৷ এই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ১২৫খন আসনেৰে বিহাৰক পুনৰ শাসন কৰাৰ সুযোগ লাভ কৰিছে এন ডি এই৷

You might also like