নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছত ১৯ বছৰীয়া যুৱতী এগৰাকীৰ ওপৰত চলা গণধর্ষণৰ ঘটনাক কেন্দ্র কৰি সমগ্র দেশ উত্তাল হৈ আছে৷ যুৱতীগৰাকীৰ ওপৰত চলা পাশৱিক ধর্ষণৰ প্রতিবাদ জনাই ইতিমধ্যে বিভিন্ন দল–সংগঠনে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী উত্তপ্ত কৰিছে৷ দিল্লীৰ যন্তৰ–মন্তৰত সন্ধিয়া কেন্দ্রীয়শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, ভীম আর্মীৰ মুৰব্বী চন্দ্রশেখৰ আজাদকে ধৰি কেইবাগৰাকী নেতা তথা কর্মী–সমর্থকে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷
উল্লেখনীয় যে কেজৰিৱাল আৰু আজাদৰ এই প্রতিবাদী কার্যসূচীক সমর্থন জনায় অন্য কেইবাটাও বিৰোধী ৰাজনৈতিক দলে৷ দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱাল হাথৰাছৰ ঘটনা সন্দর্ভত যোগী আদিত্যনাথ চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে আদিত্যনাথ চৰকাৰে এনে পাশৱিক কার্য সংঘটিত হোৱাৰ পিছতো প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নাই৷ এনে পাশৱিক কাণ্ডত জড়িত লোকক মৃত্যুদণ্ড বিহিব লাগে বুলি কেজৰিৱালে দাবী জনায়৷ ইফালে ভীম আর্মীৰ মুৰব্বী চন্দ্রশেখৰ আজাদে যোগী চৰকাৰক সমালোচনা কৰি শীঘ্রে হাথৰাছলৈ যাব বুলি ঘোষণা কৰে৷