দিল্লীৰ আকাশত ড্রোন উৰন্ত সঁজুলি নিষিদ্ধ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ আজিৰে পৰা কার্যকৰী হোৱাকৈ ১৫ আগষ্টলৈকে দেশৰ ৰাজধানী দিল্লীৰ আকাশত ড্রোন, উৰন্ত সঁজুলি উৰণৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে আৰক্ষীয়ে৷ দিল্লী আৰক্ষী আয়ুক্ত এছ এন শ্রীবাস্তৱে আজি এই নির্দেশনা জাৰি কৰি কোনো লোকে এই নির্দেশ উলংঘন কৰিলে ভাৰতীয় দণ্ডবিধি ১৮৮ৰ অধীনত শাস্তিৰ যোগ্য হ’ব৷ আৰক্ষী আয়ুক্তগৰাকীৰ নির্দেশনাত উল্লেখ থকা মতে, নিষিদ্ধ উৰন্ত সঁজুলিৰ ভিতৰত পেৰা–গ্লিডার্ছ, পেৰা মটৰছ, হেং–গ্লিডাৰছ, ইউ এ ভি এছ, ইউ এ এছ এছ, মাইক্রলাইট এয়াৰক্রাফ্ট, ৰিম’টলি পাইলটেড এয়াৰক্রাফ্ট, হট এয়াৰ বেলুনছ, লঘু আকাৰৰ এয়াৰক্রাফ্ট, কুৱাড ক’পটাৰছ অথবা বিমানৰ পৰা পেৰা জাম্পিং আছে৷ উল্লেখ্য যে সন্ত্রাসবাদী অথবা অসামাজিক চক্রই দেশৰ ৰাজধানী চহৰখনত আক্রমণৰ ভাবুকি প্রদান কৰাৰ পৰিপ্রেক্ষিতত জনতাৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি আৰক্ষীৰ নির্দেশনাত প্রকাশ পাইছে৷ পৰৱর্তী নির্দেশনা নিদিয়ালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব৷