নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ গৰাকীবিহীন কুকুৰক খাদ্য দিব পাৰে নাগৰিকেঃ দিল্লী হাইক’ৰ্ট

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ পথৰ গৰাকীবিহীন কুকুৰক নাগৰিকসকলৰ খাদ্য যোগান ধৰাৰ অধিকাৰ আছে৷ আজি দিল্লী উচ্চ ন্যায়ালয়ে এক নির্দেশনাত এই কথা উল্লেখ কৰিছে৷ কোনো লোকে গৰাকীবিহীন কুকুৰক খাদ্য দান কৰিলে অন্য নাগৰিকৰ যাতে সমস্যা নহয়, সেই বিষয়টোৰ ওপৰত নজৰ দিয়াটো সমানেই গুৰুত্বপূর্ণ বুলি দিল্লী উচ্চ ন্যায়ালয়ে এক শুনানিৰ সময়ত ঘোষণা কৰিছে৷

যিসকল প্রাণীপ্রেমী লোকে গৰাকীবিহীন কুকুৰবোৰক খাদ্য দিব বিচাৰে তাৰ বাবে নির্দিষ্ট স্থান ঠিক কৰি ল’বলৈও নির্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ ন্যায়াধীশ জে আৰ মিধাৰ বিচাৰপীঠে আজি উল্লেখ কৰিছে যে পথৰ সাধাৰণ নাগৰিকৰ যাতে সমস্যা নহয় সেই কথাটোক প্রথম গুৰুত্ব দিব লাগিব৷

You might also like