নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰবিন্দ কেজৰিৱাল চৰকাৰক চূড়ান্ত সকীয়নি উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ দিল্লীত অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতিক লৈ অৰবিন্দ কেজৰিৱাল চৰকাৰক চূড়ান্ত সকীয়নি দিলে দিল্লী উচ্চ ন্যায়ালয়ে। আজি আদালতে কেজৰিৱালক ক’ভিড পৰিস্থিতি যদি চম্ভালিব নোৱাৰে, তেনেহ’লে কেন্দ্ৰীয় চৰকাৰক দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব বুলি উল্লেখ কৰে।

আদালতে কয়- “আপোনাৰ ঘৰটো ক্ৰমত ৰাখক। যদি আপুনি ইয়াক পৰিচালনা কৰিব নোৱাৰে, আমি কেন্দ্ৰীয় চৰকাৰক অধিগ্ৰহণ কৰিবলৈ কম।”

আদালতৰ মতে চৰকাৰী কৰ্তৃপক্ষই বাস্তৱতাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আৰু কেৱল ‘অযৌক্তিক আদেশ’ জাৰি কৰি আছে। আদালতে এই সকীয়নি দিল্লীৰ মহাৰাজা আগ্ৰাসেন চিকিৎসালয়ে জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি হোৱাৰ কেইমিনিটমানৰ ভিতৰতে ৰোগীসকলক অক্সিজেন আৰু ঔষধ প্ৰদান কৰাৰ চৰকাৰৰ নিৰ্দেশ অনুসৰণ কৰাটো অসম্ভৱ বুলি কোৱাৰ পিছত দিয়ে।

উল্লেখ্য, দেশৰ ক’ভিড পৰিস্থিতিক লৈ আদালতৰ ভৰ্ৎসনাৰ সন্মুখীন হ’বলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ। আনহাতে কালি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ বাবে দেশত কভিডে কালৰূপ ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

You might also like