দিল্লীৰ চৰকাৰী হাস্পতালত স্থানীয় লোকেহে পাব চিকিৎসা
নিয়মীয়া বাৰ্তা ৮ জুনঃ দেশৰ ৰাজধানী দিল্লীৰ হাস্পতালত কেৱল স্থানীয় বাসিন্দাৰ চিকিৎসা কৰা হ’ব৷ ৰাজধানী মহানগৰখনৰ বাসিন্দাসকলেহে ইয়াৰ হাস্পতালসমূহত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ নোহোৱা পর্যন্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব বুলি দেওবাৰে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে৷ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে উল্লেখ কৰিছে যে কেন্দ্রীয় হাস্পতালসমূহত সকলো লোকে চিকিৎসা লাভ কৰিব যদিও দিল্লী চৰকাৰৰ অধীনস্থ হাস্পতালসমূহত কেৱল দিল্লীৰ বাসিন্দাসকলকহে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ অকল সেয়াই নহয়, বিশেষ অস্ত্রোপচাৰৰ বাহিৰে যিবোৰ ব্যক্তিগত হাস্পতালত চিকিৎসা সেৱা চলি আহিছে, সেইবোৰতো দিল্লীৰ বাসিন্দাসকলেহে চিকিৎসা লাভৰ সুযোগ পাব৷ ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যবাসীক সম্বোধি দিয়া ভাষণত এই কথা সদৰী কৰাৰ লগে লগে বিষয়টোক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে দিল্লীত৷