নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ কৃষকৰ ট্রেক্টৰ সমদলৰ সময়ত ঐতিহাসিক লালকিল্লাত ধ্বংসযজ্ঞ চলোৱাৰ লগতে ৰাজধানী দিল্লীৰ বিভিন্ন প্রান্তত আৰক্ষীক আক্রমণ কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে কালি গোচৰ ৰুজু কৰা প্রতিবাদী কৃষক সংগঠনৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে কালি লুক আউট ন’টিছ জাৰি কৰিছে৷
আৰক্ষীৰ গোচৰত নাম অন্তর্ভুক্ত সংযুক্ত কিষাণ মর্চাৰ নেতা জগজিৎ সিং দালেৱাল, বলবীৰ সিং ৰাজেৱাল, দর্শন পাল, ৰাকেশ টিকাইট, কুলৱন্ত সিং সাধু, যোগেন্দ্র যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে লুক আউট ন’টিছ জাৰি কৰিছে৷ উল্লিখিত কৃষক নেতাকেইজনক তেওঁলোকৰ পাছপ’ট আৰক্ষীৰ হাতত জমা দিবলৈ নির্দেশ দিয়া হৈছে৷
উল্লেখীয় যে দিল্লী আৰক্ষীয়ে ২৫টা গোচৰ ৰুজু কৰি ৪০ কৃষক সংগঠনৰ ৩০জন নেতাৰ নাম এজাহাৰত সন্নিৱিষ্ট কৰিছে৷ কৃষক নেতাসকলে যাতে বিদেশ ভ্রমণ কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি এই ন’টিছ জাৰি কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে প্রকাশ কৰিছে৷ উল্লিখিত ৬জনক লুক আউট ন’টিছ জাৰি কৰা হৈছে যদিও বাকী এজাহাৰত নাম থকা কৃষক নেতাকেইজনৰ বিৰুদ্ধে এতিয়াও তেনে ধৰণৰ ন’টিছ জাৰি কৰা হোৱা নাই৷