দিল্লীৰ সিংঘু সীমান্তত পুনৰ প্রতিবাদী কৃষকৰ আত্মহত্যা
কৃষি আইন প্রত্যাহাৰৰ দাবীত ৪০ দিন ধৰি বিক্ষোভ
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লী সীমান্তত ৪০ দিনতকৈ অধিক কাল ধৰি প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ মাজত এতিয়া ক্ষোভ আৰু হতাশাই তীব্র ৰূপ ধাৰণ কৰিছে৷ প্রতিবাদী কৃষকৰ দাবী অগ্রাহ্য কৰি আহিছে কেন্দ্রীয় চৰকাৰে৷ কালি পুনৰ প্রতিবাদস্থলীতে এজন ৪০ বছৰীয়া কৃষকে আত্মহত্যা কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ পঞ্জাবৰ এই কৃষকগৰাকীৰ নাম অমৰিন্দৰ সিং৷ বিহপান কৰি কৃষকগৰাকীয়ে আত্মহত্যা কৰা বুলি সতীর্থ প্রতিবাদী কৃষকে সংবাদ মাধ্যমক জনাইছে৷ পঞ্জাবৰ ফতেহগড় ছাহিব জিলাৰ বাসিন্দা অমৰিন্দৰ সিঙক মুমূর্ষু অৱস্থাত শনিপাতৰ ফ্রেংক ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত (এফ আই এম এছ) ভর্তি কৰোৱা হৈছিল যদিও চিকিৎসা গ্রহণৰ সময়তে তেওঁৰ মৃত্যু হয়৷ শনিপাতৰ কুণ্টলি আৰক্ষী থানাৰ পৰিদর্শক ৰবি কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে অমৰিন্দৰৰ মৃতদেহ প্রেৰণ কৰা হৈছে৷ স্মর্তব্য যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দিল্লী সীমান্তত আহি দীর্ঘদিন ধৰি কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ প্রণয়ন কৰা তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত হাজাৰ হাজাৰ কৃষকে প্রতিবাদ সাব্যস্ত কৰি আছে৷ এই প্রতিবাদী কৃষকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে পঞ্জাব আৰু হাৰিয়ানাৰ বাসিন্দা৷
দিল্লীৰ বিভিন্ন সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা এতিয়ালৈকে কেইবাগৰাকীও কৃষকে আত্মহত্যা কৰিছে৷ ইয়াৰ উপৰি অসুস্থ হৈ প্রাণ হেৰুৱাইছে আন কেইবাজনো কৃষকে৷ ইফালে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰে আজি কার্ণালত কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত কৰি তিনিওখন কৃষি আইনৰ পৰা কৃষকসকল কেনেদৰে উপকৃত হ’ব, তাক লৈ ব্যাখ্যা কৰাৰ প্রচেষ্টা চলাইছিল যদিও প্রতিবাদী কৃষক আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলা সংঘর্ষৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে বাতিল কৰিবলগীয়া হয় এই মহাপঞ্চায়ত৷ লক্ষণীয়ভাৱে ডেৰ সহস্রাধিক আৰক্ষী তথা নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল মহাপঞ্চায়তস্থলীত৷ কিন্তু প্রতিবাদী কৃষকে আহি মুখ্যমন্ত্রী খট্টৰৰ এই মহাপঞ্চায়তত বিৰোধ কৰি শ্লোগান দিবলৈ ধৰে৷ তেতিয়াই আৰক্ষীয়ে কৃষকৰ ওপৰত পানীৰ গোলা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ এই ঘটনাত অধিক ক্ষুব্ধ হৈ পৰে কৃষকসকল৷ কার্ণালৰ কাইমলা গাঁৱত বিজেপিয়ে নিজ সমর্থক প্রায় ২,০০০ কৃষকক মহাপঞ্চায়তৰ বাবে বিভিন্ন স্থানৰ পৰা আনি মোতায়েন কৰিছিল যদিও চৰকাৰবিৰোধী প্রতিবাদী কৃষকে তাত উপস্থিত হৈ চকী–মেজ ভাঙি পৰিস্থিতি উত্তপ্ত কৰে৷ ইয়াৰ পাছতে আৰক্ষীৰ লাঠীচালনা তথা কৃষকৰ আৰক্ষীৰ বিৰুদ্ধে আক্রমণাত্মক ৰূপে ঘটনাস্থলীক যুদ্ধক্ষেত্রত পৰিণত কৰে৷ আজিৰ এই ঘটনাত কেইবাগৰাকীও কৃষক আহত হৈছে৷