নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাছেৰে লণ্ডন যাব বিচাৰে নেকি, তেন্তে…

বিমানেৰে নহয়, বাছেৰে লণ্ডন ফুৰিবলৈ যাব বিচাৰে নেকি? ভ্রমণকাৰীৰ সেই ইচ্ছা পূৰণ কৰিবলৈ এইবাৰ আগুৱাই আহিল হাৰিয়ানাৰ এটি সংস্থা। এই বছৰৰ ছেপ্টেম্বৰত দিল্লীৰ পৰা এই বাছ সেৱা আৰম্ভ কৰাৰ চিন্তা চলিছে। সংস্থাটোৱে জনাইছে, দিল্লীৰ পৰা কলকাতা হৈ ম্যানমাৰ পাব বাছখন। তাৰ পৰা থাইলেণ্ড, লাওচ, চীন, কিৰগিজস্তান, উজবেকিস্তান, কাজাখস্তান, ৰাছিয়া, পোলেণ্ড, চেক গণৰাজ্য, জার্মানী, নেদাৰলেণ্ড, বেলজিয়াম তথা ফ্রান্স হৈ লণ্ডন পাব বাছখন। অত্যাধুনিক সুবিধাযুক্ত এই বাছখনত ২০খন আসন থাকিব। ৭০ দিনত ২০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰি লণ্ডন পাব এই বাছখন। খৰচ প্ৰায় ১৫ লাখ টকা।

৪৬ বছৰ পাছত পুণৰ এই পৰিবহণ সেৱা আৰম্ভ হ’ব। ১৯৫৭ চনত ব্রিটেনৰ এটি সংস্থাই কলকাতাৰ পৰা দিল্লী হৈ লণ্ডন পর্যন্ত বাছ সেৱা আৰম্ভ কৰিছিল। কিন্তু কিছু বছৰ পাছত বাছখন এক দুর্ঘটনাৰ সন্মুখীন হয়। তেতিয়াৰ পৰা সেই পৰিসেৱা বন্ধ হৈ যায়। পাছত আন এটি বিদেশী সংস্থাই ছিডনীৰ পৰা ভাৰত হৈ লণ্ডনলৈ দুখলপীয়া বাছ সেৱা আৰম্ভ কৰে। ১৯৭৬ চনলৈ সেই পৰিসেৱা ঠিকে চলিছিল। কিন্তু ইৰাণৰ ৰাজনৈতিক কাৰণ আৰু ভাৰত-পাকিস্তানৰ জটিল সম্পর্কৰ বাবে সেই পৰিসেৱা বন্ধ কৰি দিয়া হয়। পুণৰ হাৰিয়ানাৰ এটি সংস্থাই এই পৰিসেৱা আৰম্ভ কৰিছে।

You might also like