চালকৰ উদ্ধতালিঃ যান-বাহন আৰক্ষীক ৪০০ মিটাৰলৈ লৈ গ’ল বোনেটত উঠাই…
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ যান-বাহন আইন ভংগ কৰাই নহয়, এগৰাকী যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষীক ৪০০ মিটাৰ দূৰত্বলৈ বোনেটত উঠাই পেলাই থৈ গ’ল পথত।
#WATCH An on-duty Delhi Traffic Police personnel in Delhi’s Dhaula Kuan dragged on the bonnet of a car for few metres after he attempted to stop the vehicle for a traffic rule violation. The car driver was held later.(12.10.20) #Delhi pic.twitter.com/R055WpBm8M
— ANI (@ANI) October 15, 2020
দক্ষিণ দিল্লীৰ ধৌলা কুৱান নামৰ ঠাইখনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ ফুটেজ চিচি টিভিত উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে দেশজুৰি। ৰাজপথত বহু বাহনৰ মাজত সংঘটিত এই লোমহৰ্ষক ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে মহীপাল সিং নামৰ যান-বাহন আৰক্ষীগৰাকীৰ।
যোৱা সোমবাৰে ঘটা ঘটনাটোৰ ভিডিঅ’ ফুটেজ আজি প্ৰচাৰিত হোৱাত ভাইৰেল হৈ পৰে খবৰটো। আৰক্ষী সিঙৰ ভাষ্য অনুসৰি, এখন সন্দেহজনক নম্বৰ প্লেটৰ তীব্ৰগতিত অঁকোৱা-পকোৱা কৰি চলাই থকা চাৰিচকীয়া গাড়ী দেখি ৰখাবলৈ নিৰ্দেশ দিয়া সত্ত্বেও নৰখোৱাত সিঙে গাড়ীৰ আগত থিয় দিয়ে।
তথাপি পুনৰ গাড়ী চলাই দিয়াত উপায়হীন মহীপালে গাড়ীৰ বোনেটত জাঁপ মাৰি উঠে। আৰু এনেদৰে ৪০০ মিটাৰ দূৰত্বলৈ মহীপাল সিঙক বোনেটতে উঠাই আনে দুৰ্বৃত্ত ৰূপী চালকে। আৰক্ষী সিং মাজপথত গাড়ীৰ পৰা পৰি যোৱাৰ পিছত পুনৰ দ্ৰুতগতিত পলাই যায় যদিও কিছুদূৰত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় শুভম নামৰ যুৱ চালকজনক।
গাড়ীত চালক শুভমৰ লগত আন এজন যুৱক আছিল। ধৃত শুভমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৬, ২৭৯ আৰু ৩৩৭ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।