অভাৱনীয়ভাৱে বিশ্বত বৃদ্ধি পাই আছে ডেল্টা প্রকৰণৰ সংক্রমণ
‘হু’ৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ সতর্কবাণী
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণ এতিয়াও নিম্নগামী হোৱা নাই৷ কিয়নো ডেল্টা প্রকৰণৰ সংক্রমণ ইখন দেশৰ পৰা সিখন দেশলৈ সম্প্রসাৰিত হৈ আছে৷ এই সকীয়নিমূলক মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ৷ বিশ্বৰ ক’ভিড পৰিস্থিতি সন্দর্ভত মন্তব্য কৰি মুখ্য বিজ্ঞানী স্বামীনাথনে কয় যে যোৱা ২৪ ঘণ্টাত বিশ্বজুৰি পাঁচ লাখ লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ লগতে ৯,৩০০জন লোকৰ মৃত্যু ঘটিছে৷ এই তথ্যই নিশ্চিত কৰিছে যে বিশ্বত এতিয়াও মহামাৰীৰ সংক্রমণ নিম্নগামী হোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ৬টা অঞ্চলৰ ভিতৰত পাঁচটাতেই ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হৈ আছে৷ আফ্রিকাত বিগত দুসপ্তাহ ধৰি মৃত্যুৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছে৷
মুখ্য বিজ্ঞানীগৰাকীয়ে প্রকাশ কৰা মতে, মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ চাৰিটা মুখ্য কাৰণ আছে৷ এই মুখ্য কাৰণকেইটা হৈছে ডেল্টা প্রকৰণ, সামাজিক মিশ্রণ, লকডাউনৰ নিষেধাজ্ঞা শিথিল আৰু টিকাকৰণ লেহেমীয়া৷ ডেল্টা প্রকৰণ অতি সংক্রমণশীল আৰু ই ক’ভিড–১৯ৰ অতি ভয়াৱহ প্রকৰণ হিচাপে চিহ্ণিত হৈছে৷ এনে ক্ষেত্রত এই প্রকৰণটিৰ সংক্রমণ প্রতিহত কৰিবলৈ দেশসমূহে কঠোৰ পদক্ষেপ ল’ব লাগিব বুলিও কয় মুখ্য বিজ্ঞানীগৰাকীয়ে৷ তেওঁ ডেল্টা প্রকৰণৰ সন্দর্ভত কয় যে এজন ব্যক্তি যদি প্রকৃত ভাইৰাছটোত আক্রান্ত হয়, তেতিয়াহ’লে তাৰ পৰা তিনিজন আক্রান্ত হয়৷ কিন্তু ডেল্টা প্রকৰণৰ দ্বাৰা কোনো লোক আক্রান্ত হ’লে তাৰ পৰা আঠজনকৈ লোক আক্রান্ত হয়৷