নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমাজনৰ নতুন প্রাইম ধাৰাবাহিক ‘তাণ্ডৱ’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে কেইবাগৰাকীও বিজেপি নেতাই৷ এই ধাৰাবাহিকখনে হিন্দু ধর্মাৱলম্বী লোকৰ অনুভূতিত আঘাত হনাৰ উপৰি ইয়াক দলিতবিৰোধীও আখ্যা দিয়া হৈছে৷ ছঈফ আলী খান, ডিম্পল কাপাডিয়া, সুনীল গ্র’ভাৰ, গৌহৰ খান, টিটিকা কাম্রা প্রমুখ্যে অভিনেতা–ভিনেত্রীসক বিভিন্ন চৰিত্রত অভিনয় কৰা এই ধাৰাবাহিকখন নিষিদ্ধ কৰিবলৈ দাবী জনাই মুম্বাইৰ ঘাটক’পাৰ আৰক্ষী থানাত বিজেপি বিধায়ক ৰাম কদমে অভিযোগো দাখিল কৰিছে৷ বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে তাণ্ডৱ নৃত্যৰ পৰাই ধাৰাবাহিকখনৰ নাম তাণ্ডৱ ৰখা হৈছে, য’ত শিৱক অপমান কৰা হৈছে৷ গতিকে এই ধাৰাবাহিকৰ অভিনেতা, কলা–কুশলী তথা নির্মাতাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি দাবী জনাইছে বিধায়কগৰাকীয়ে৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বেও ধাৰাবাহিকখন নিষিদ্ধ কৰাৰ বাবে কেইবা গৰাকীও বিজেপি বিধায়কে দাবী জনাইছিল৷