কাবুলত বোমা আক্রমণত নিহত সচিবসহ উপ–গৱর্নৰ মেহবুবুল্লা ম’হেবি
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ সন্ত্রাসবাদীৰ বোমা আক্রমণত নিহত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুলৰ উপ–গৱর্নৰগৰাকী৷ নিৰাপত্তা বাহিনীয়ে এই কথা সদৰী কৰিছে৷ উপ–গৱর্নৰ মেহবুবুল্লা ম’হেবি আৰু তেওঁৰ সচিবগৰাকী এই বোমা আক্রমণত নিহত হোৱা বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীৰ সূত্রই৷
উল্লেখনীয় যে সন্ত্রাসবাদীয়ে উপ–গৱর্নৰগৰাকীৰ্ গাড়ীত সংস্থাপন কৰিছিল বোমাটো৷ তাৎক্ষণিকভাৱে এই বোমা আক্রমণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ সন্ত্রাসবাদীৰ আক্রমণ তীব্রতৰ হৈছে সংঘর্ষজর্জৰিত আফগানিস্তানত ৷ অনুৰূপ এক আক্রমণত নিহত হৈছে গড় প্রদেশৰ উপ–প্রাদেশিক পৰিষদীয় সদস্য এগৰাকী৷
স্মর্তব্য যে শেহতীয়াকৈ সন্ত্রাসবাদীয়ে দেশখনৰ সাংবাদিক, মানৱ অধিকাৰ কর্মী তথা ৰাজনৈতিক নেতাসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷ চলিত মাহতে আফগানিস্তানৰ ৰাজধানী চহৰখনত দুবাৰকৈ সংঘটিত হৈছে ৰকেট আক্রমণ৷ এই আক্রমণত ইছলামিষ্ট জেহাদী সংগঠন জড়িত থকা বুলি সন্দেহ কৰিছে প্রশাসনে৷