ঢাকাত কঠোৰ ক’ভিড লকডাউনৰ পূর্বেই কেইবাহাজাৰো লোকৰ পলায়ন
নিয়মীয়া বাৰ্তা ২৮ জুনঃ বাংলাদেশৰ ৰাজধানী ঢাকাত ক’ভিড–১৯ ভাইৰাছত ডেল্টা ভেৰিয়েণ্টৰ সংক্রমণৰ উপস্থিতি ধৰা পৰাৰ পিছতে চৰকাৰে কাইলৈৰ পৰা ৭দিনীয়া কঠোৰ লকডাউন জাৰি কৰাৰ সিদ্ধান্ত লৈছে৷ এই লকডাউনৰ সময়ত সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ নির্দেশ দিছে চৰকাৰে৷ চৰকাৰৰ এই কঠোৰ নির্দেশনা লাভ কৰাৰ পিছতে ঢাকাৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিছে৷
উল্লেখনীয় যে ঢাকাত ক’ভিড লকডাউনৰ সময়ত বাসিন্দাসকলে ঘৰৰ বাহিৰলৈ ওলাই আহিলে জৰুৰী অৱস্থা জাৰি কৰিব বুলি চৰকাৰে হুংকাৰ দিছে৷ ইয়াৰ ফলতেই ৰাজধানী চহৰখনৰ পৰা সৰু সৰু চহৰ তথা গাঁওবোৰলৈ পলায়ন কৰিছে বহু লোকে৷ ঢাকাত অস্থায়ীভাৱে বাস কৰি থকা লোকসকলে লকডাউন প্রয়োগ হোৱাৰ পূর্বেই নিজ ঘৰলৈ পলায়ন কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে যোৱা ১৫ মে’ত বাংলাদেশত ক’ভিড মহামাৰীত আক্রান্ত লোকৰ সংখ্যা আছিল ২৬১জন৷ কিন্তু যোৱা শুকুৰবাৰলৈ আক্রান্ত লোকৰ সংখ্যা ৫,৮৬৯জনলৈ বৃদ্ধি পাইছে৷