ড’মিনিকাত গ্রেপ্তাৰ পলাতক হীৰা ব্যৱসায়ী চক্সিক
নিয়মীয়া বাৰ্তা ২৮ মেঃ পলাতক হীৰা ব্যৱসায়ী মেহুল চক্সি এণ্টিগুৱা–বার্বুদাৰ পৰা দেওবাৰে সন্ধিয়া ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পিছত ড’মিনিকাত আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰিছে৷ উল্লেখনীয় যে এণ্টিগুৱাৰ পৰা সমুদ্র পথেৰে ১০১ ন’টিকেল মাইল নাৱেৰে পলায়ন কৰিছিল ভাৰতৰ কুখ্যাত হীৰা ব্যৱসায়ীজনে৷ স্মর্তব্য যে মাত্র এদিন পূর্বে এণ্টিগুৱাৰ প্রধানমন্ত্রী গেষ্টন ব্রাউনে মেহুল চক্সি সন্দর্ভত কোনোধৰণৰ তথ্য চৰকাৰৰ হাতত নাই বুলি ঘোষণা কৰিছিল৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি এণ্টিগুৱাৰ পৰা নাৱেৰে পলায়ন কৰিছিল মেহুল চক্সিয়ে৷
কালি নিশা ইণ্টাৰপ’লৰ য়েল’ নটিছৰ আধাৰত ড’মিনিকাৰ অপৰাধ তদন্তকাৰী বিভাগে মেহুল চক্সিক গ্রেপ্তাৰ কৰাৰ পিছতে পলাতক হীৰা ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কেৰিবিয়ান দেশখনত বিচাৰ প্রক্রিয়া চলাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ স্মর্তব্য যে ভাৰতে এণ্টিগুৱাৰ পৰা মেহুল চক্সিৰ প্রত্যর্পণ দাবী কৰি আহিছে৷ ভাৰতৰ পৰা পলায়ন কৰিয়েই চক্সিয়ে এণ্টিগুৱাত নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ মাত্র এদিন পূর্বে দেশখনৰ প্রধানমন্ত্রী গেষ্টন ব্রাউনে ভাৰতৰ পৰা ক’ভিড ভেকচিন লাভ কৰা বিষয়টোক লৈ নতুন দিল্লী প্রশাসনক প্রশংসা কৰিছিল৷ ভাৰতে ক’ভিড ভেকচিন প্রেৰণ নকৰা হ’লে এণ্টিগুৱাত বহু লোকৰ প্রাণহানি হ’লহেঁতেন বুলিও প্রধানমন্ত্রীগৰাকীয়্ কালি মন্তব্য কৰিছিল৷