নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰল মহাজাগতিক পৰিঘটনা, আকাশত দীপাৱলী সদৃশ দৃশ্য, তৰাৰ বৰষুণ দেখা যাব নে ভাৰতত

বিশেষ বাৰ্তা, ৩০ মেঃ বিশ্বৰ মহাকাশপ্ৰেমীসকলৰ বাবে এক সুখবৰ। আকাশত তৰাৰ বৰষুণ হ’ব। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, ৩০ আৰু ৩১ মে’ত টাউ হাৰকুলিডছ উল্কাপিণ্ডই পৃথিৱীত বৰষুণ নমাবলৈ সাজু হৈছে। নাছাই জনোৱা মতে, প্ৰায় ২০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে আকাশত এনে প্ৰবল উল্কাপিণ্ডৰ জিলিকনি দেখা পোৱা যাব। নাছাই কয় যে এই উল্কাপিণ্ডৰ বৰষুণ এটা ধুমকেতুৰ বাবে হ’ব। ধুমকেতু হৈছে বৰফ আৰু ধূলিৰে নিৰ্মিত, যাৰ নেজ থাকে। ই সাধাৰণতে সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে। যেতিয়াই ধুমকেতুটো পৃথিৱীৰ কক্ষপথৰ অতি ওচৰ চাপি আহে তেতিয়াই আমাৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াৰ টুকুৰাবোৰ পৃথিৱীৰ ফালে টানি আনে। আৰু যেতিয়া খণ্ডবোৰ পৃথিৱীৰ বায়ুমণ্ডলৰ সংস্পৰ্শলৈ আহে তেতিয়াই ইহঁত জ্বলিবলৈ ধৰে। ইয়াৰ ফলত আকাশত এক উজ্জ্বল জিলিকনি দেখা যায়।এই ধুমকেতুটোৰ এতিয়া কেবাটাও খণ্ড হৈছে। নাছাৰ মতে, ৩১ মে’ৰ নিশা প্ৰতি ঘণ্টাত ১০০০ টা উল্কাপিণ্ডৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ধুমকেতুটোৰ ধ্বংসাৱশেষৰ পৃথকীকৰণৰ হাৰ যদি লেহেমীয়া হয়, তেন্তে পৃথিৱীত উল্কাপিণ্ডৰ বৰষুণ নহ’বও পাৰে।

ভাৰতত দেখা যাবনে?
মঙলবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ১০.৩০ বজাত পৃথিৱীত দ্ৰুতগতিত পৰিব উল্কা বৃষ্টি। কিন্তু ভাৰতৰ বাবে দুখৰ কথা যে এই সময়ত ভাৰতত দিনৰ পোহৰ থকাৰ বাবে এনে পৰিঘটনা দেখা সম্ভৱ নহ’ব৷ অৱশ্যে, বহু ঠাইৰ পৰা ইউটিউবত লাইভ সম্প্ৰচাৰ কৰা হ’ব। তাৰে পৰা ইয়াক সহজে উপভোগ কৰিব পাৰিব। আমেৰিকা, কানাডা, মেক্সিকো আৰু লেটিন আমেৰিকাত বাস কৰা লোকসকলে এই পৰিঘটনা স্বচক্ষে উপভোগ কৰিব পাৰিব।

You might also like