নিয়মীয়া বাৰ্তা, ২১ জুনঃ ক’ভিড–১৯ মহামাৰীৰ সময়ত কর্তব্যত নিয়োজিত চিকিৎসক তথা স্বাস্থ্য কর্মীসকলক শাৰীৰিকভাৱে অপদস্থ কৰিলে অভিযুক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ অকল সেয়াই নহয়, চিকিৎসক তথা স্বাস্থ্যকর্মীসকলক প্রহাৰ কৰা দুর্বৃত্তসকলৰ বিৰুদ্ধে মহামাৰী ৰোগ (সংশোধিত) আইন–২০২০ৰ অধীনত কঠোৰ ব্যৱস্থা লোৱাৰো নির্দেশ দিয়া হৈছে ৰাজ্যসমূহক৷
কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই এখন পত্রযোগে ৰাজ্যসমূহক জনাইছে যে চিকিৎসক তথা স্বাস্থ্যকর্মীসকল এনে আতিশয্যৰ সন্মুখীন হ’লে স্বাস্থ্য সেৱা ব্যৱস্থাটোৰ ওপৰত ভয়াৱহ প্রভাৱ পৰিব পাৰে৷ স্বাস্থ্য কর্মীসকলৰ ওপৰত এনে আক্রমণ অনৈতিক বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহ সচিবগৰাকীয়ে দুর্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ গত্যন্তৰ নাই বুলিও ঘোষণা কৰিছে৷
ইফালে, ক’ভিড মহামাৰীৰ সংক্রমণৰ হাৰ দেশত ক্রমান্বয়ে কমি অহা পৰিলক্ষিত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৫৮,৪১৯গৰাকী লোক৷ বিগত ৮১ দিনৰ ভিতৰত প্রথমবাৰলৈ ৬০ হাজাৰলৈ তললৈ নামিছে সংক্রমিত লোকৰ সংখ্যা৷ ইফালে, বিগত ২৪ ঘণ্টাত প্রাণ হেৰুৱাইছে ১,৫৭৬গৰাকী লোকে৷