নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ আমেৰিকাত নিষিদ্ধ হ’ল চীনা এপ টিক্-টক্, উইছাট, নিৰ্দেশনা পত্ৰত স্বাক্ষৰ ট্ৰাম্পৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ভাৰতৰ পিছত আমেৰিকাতো নিষিদ্ধ হ’ল বহুল প্ৰচলিত চীনা এপ টিকটক। টিকটকৰ লগতে মেছেঞ্জাৰ এপ উইছাটো নিষিদ্ধ কৰা হ’ল আমেৰিকাত। ৰাষ্ট্ৰপতি ট্ৰাম্পে ৪৫ দিনৰ ভিতৰত আমেৰিকাত টিকটকৰ প্ৰচলন বন্ধ কৰাৰ এটা আদেশত হস্তাক্ষৰ কৰাৰ লগে লগে চীনা এপটো নিষিদ্ধ হোৱাৰ বাট প্ৰশস্ত হৈ পৰে।

ইয়াৰ লগে লগে টিকটক বা উইচাটৰ স্বত্বাধিকাৰীৰ লগত আমেৰিকাৰ কোনো ব্যক্তি বা কোম্পানীৰ মালিকৰ লেনদেনৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা লগায়। ট্ৰাম্পে কয় যে এই নিষেধাজ্ঞা অতি প্ৰয়োজনীয় আছিল। কিয়নো টিকটক বা উইচাটৰ দৰে কোম্পানীয়ে সংগ্ৰহ কৰা ডাটা দেশখনৰ প্ৰতি এক ভাবুকি হয় পৰিছে।

এই এপছৰ জৰিয়তে ব্যক্তি বা সংগঠনৰ তথ্য সংগৃহীত হয় আৰু চীনা চৰকাৰৰ হাতলৈ এনে তথ্য সৰবৰাহ কৰা হয়, যিটো আমেৰিকাৰ নিৰাপত্তাৰ বাবে বিপজ্জনক।

ট্ৰাম্পৰ মতে টিকটক বা উইচাটে একপ্ৰকাৰ চীনা চৰকাৰৰ হৈ কৰ্পোৰেট চোৰাংচোৱাৰ ভূমিকা পালন কৰি আছে আমেৰিকাত।

 উল্লেখ্য যোৱা জুন মাহত ভাৰততো দেশীয় নিৰাপত্তাৰ স্বাৰ্থত টিকটক নিষিদ্ধ কৰা হৈছিল।

You might also like