নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা কেলেংকাৰি গোচৰঃ টিএমচি সাংসদ অভিষেক বেনার্জীক পুনৰ চমন ইডিৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ  তৃণমূল কংগ্রেছৰ সাংসদ তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ ভতিজা অভিষেক বেনার্জীক পুনৰ চমন জাৰি কৰিছে এনফ’চমেণ্ট ডাইৰেক্টৰেট (ইডি)–এ৷ কয়লা কেলেংকাৰি গোচৰত ইডিয়ে শনিবাৰে জাৰি কৰা চমনক লৈ তৃতীয়বাৰ সাংসদ বেনার্জীক চমন জাৰি কৰা হৈছে৷

উল্লেখ্য যে কয়লা কেলেংকাৰিৰ গোচৰত অবৈধ ধনৰ লেনদেনক লৈ যোৱা সোমবাৰে ইডিয়ে সাংসদ অভিষেক বেনার্জীক জেৰা কৰাৰ অন্তত পুনৰ বুধবাৰে ইডিৰ কার্যালয়ত হাজিৰ হ’বলৈ সাংসদগৰাকীক চমন জাৰি কৰিছে৷ কিন্তু ইডিয়ে জাৰি কৰা চমনক গুৰুত্ব নিদি সাংসদগৰাকীয়ে ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল৷ ইয়াৰ পিছতেই অহা ২১ ছেপ্ঢেম্বৰত নতুন দিল্লীৰ ইডিৰ কার্যালয়ত সাংসদ বেনার্জীক উপস্থিত হ’বলৈ চমন জাৰি কৰিছে৷ চমনত সাংসদ বেনার্জীৰ লগতে পত্নীকো হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷

মন কৰিবলগীয়া যে সোমবাৰে নতুন দিল্লীৰ ইডিৰ কার্যালয়ত সাংসদ বেনার্জীক ৮ ঘণ্টাতকৈ অধিক সময় ধৰি জেৰা কৰা হৈছিল৷ ইডিয়ে জেৰা কৰা এই কেলেংকাৰি গোচৰত দুটা কোম্পানী জড়িত হৈ আছে আৰু কোম্পানী দুটাৰ পৰা সাংসদ অভিষেক বেনার্জী আৰু তেওঁৰ পৰিয়ালে ৪.৩৭ কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সাংসদ বেনার্জীয়ে কয়লা কেলেংকাৰিত জড়িত লিপছ আৰু বাউণ্ড প্রাইভেট লিমিটেড, লিপছ আৰু বাউণ্ড মেনেজমেণ্ট ছার্ভিচেজ এলএলপি নামৰ কোম্পানী দুটাৰ পৰা বৃহৎ ধন লৈ কোম্পানী দুটাক সুৰক্ষা দিছিল৷

You might also like